স্বাস্থ্য প্ৰতিবেদন:
১. শক্তি বৃদ্ধি কৰাত সহায় কৰে :
চুজিয়ে আমাৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে। কাৰণ চুজি কার্বোহাইড্রেট সমৃদ্ধ হোৱাত ই খাদ্য শক্তি আৰু শক্তি বৃদ্ধিত সহায় কৰে।
২. চুজিত প্রচুৰ পৰিমাণে আয়ৰন থাকে :
চুজিত প্রচুৰ পৰিমাণে আয়ৰন থাকে, যাৰ ফলত শৰীৰত আয়ৰনৰ ঘাটি দূৰ কৰিবলৈ সক্ষম। ইয়াৰ উপৰি ৰক্ত সঞ্চালননতো সহায় কৰে। ১০০ গ্রাম চুজিত ১.২৩ মিলিগ্রাম আয়ৰন থাকে।
৩. হাড় মজবুত কৰাত সহায় কৰে :
চুজিত থকা কেলচিয়ামে হাড় মজবুত ৰখাত সহায় কৰে। ১০০ গ্রাম চুজিত ১৭ মিলিগ্রাম কেলচিয়াম থাকে।
৪. স্নায়ুতন্ত্র সুস্থ ৰাখে :
চুজিত আছে মেগনেছিয়া, জিঙ্ক আৰু ফছফৰাছ ইত্যাদি বিভিন্ন উপাদান আছে যিবোৰ আমাৰ শৰীৰৰ বাবে খুবেই উপকাৰী। এই উপাদানবোৰ চুজিত থকাৰ কাৰণে ই আমাৰ স্নায়ুতন্ত্র সুস্থ ৰখাত সাহায় কৰে। প্রতি 100 গ্রাম চুজিত যথাক্রমে ৪৭ মিলিগ্রাম, ১.০৫ মিলিগ্রাম আৰু ১৩৬ মিলিগ্রাম মেগনেছিয়াম, জিঙ্ক আৰু ফছফৰাছ থাকে।
৫. কলেষ্টেৰল অনুপস্থিত :
চুজিত কলেষ্টেৰল নাথাকে।সেয়ে চুজি নিশ্চিন্তে গ্রহণ কৰিব পৰা যায়৷ কাৰণ ই শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে। লগতে হার্টৰ বাবেও ভাল।
৬. ওজন হ্রাসত সহায় কৰে :
চুজিয়ে ওজন কমোৱাত সহায় কৰে।১০০ গ্রাম চুজিত ৩৬০ কেলৰি থাকে আৰু কলেষ্টেৰল নাথাকে। সেয়ে আপুনি দ্রুততাৰে ওজন কমাব বিচাৰিলে বজাৰৰ পৰা কেনে ধৰণৰ চুজি কিনিছে তাক খেয়াল ৰখা উচিত।
কাৰণ ফাইবাৰ সমৃদ্ধ স্বাস্থ্যকৰ চুজি আমাৰ শৰীৰৰ পক্ষে উপকাৰী। ইয়াৰ উপৰি চুজি গাখীৰ বা পাচলিৰ সৈতে মিহলাই খালে ইয়াৰ পৰা পুষ্টি পোৱা যায়। চুজিৰ সৈতে প্রোটিন আৰু ফাইবাৰ সমৃদ্ধ খাদ্য যোগ কৰিলে শৰীৰৰ পক্ষে খুবেই ভাল।













