নিউজ ডেস্কঃ
সৰ্বেত্ৰ আকৌ এবাৰ সংহাৰী ৰূপত আগবাঢ়িছে ক’ভিড ১৯। Indian Idol ৰ ঘোষক আদিত্য নাৰায়ণৰ দেহত ক’ৰোণা সংক্ৰমণ ধৰা পৰা পিছতেই এইবাৰ ক’ভিড পজিটিভ হৈছে শ্ব’টোৰ প্ৰতিযোগী পৱনদ্বীপ ৰাজন। সূত্ৰনুসৰি, তেওঁক বৰ্তমান হোটেলৰ এটা কোঠাতেই কোৱাৰেন্টাইন কৰা হৈছে আৰু সূস্থ হোৱাৰ পিছতহে তেওঁ শ্ব’লৈ উভতিব পাৰিব।
পৱনদীপ ক’ভিড ১৯ত আক্ৰান্ত হোৱাৰ পিছত শ্ব’ৰ আন সকলো প্ৰতিযোগী, বিচাৰক আৰু হোষ্টৰ লগতে ছেটলৈ আহিবলগীয়া আৰু বেকষ্টেজ শ্ব’ৰ সৈতে জড়িত লোকসকলৰ কোভিড টেষ্ট কৰোৱা হৈছে। কিন্তু এতিয়া এইসকল লোকৰ টেষ্টৰ ৰিপ’ৰ্ট আহিবলৈ বাকী আছে।