![]()
নিউজ ডেস্কঃ
অৱশেষত মুক্তি পালে ছত্তিশগড়ত মাওবাদীৰ হাতত বন্দী কোব্ৰা কমাণ্ডো ৰাকেশ্বৰ সিং মিনহাছে। সংবাদ সংস্থা এএনআই সূত্রত এই খবৰ প্ৰকাশ।
যোৱা সোমবাৰে স্থানীয় এক সাংবাদিকৰ পৰা জানিব পৰা মতে, ৰাকেশ্বৰ মাওবাদীৰ হেফাজতত আছিল। মাওবাদী শীর্ষ নেত্রী মাধৱী হিদমাই নাজে ফোন কৰিছিল সাংবাদিকগৰাকীক। তেওঁৰ ছবি প্রকাশ কৰি চৰকাৰৰ সৈতে আলোচনা চলোৱাৰ প্রস্তাৱ দিয়ে মাওবাদীয়ে। ইয়াৰ পূৰ্বে ছচিয়েল মিডিয়াত বিয়পি পৰে বন্দী জোৱানজনৰ কন্যাৰ এটি ভিডিও। উক্ত ভিডিওত থোকাথুকি মাতেৰে পাঁচ বছৰীয়া সৰু ছোৱালীজনীয়ে আবেদন কৰে, “মোৰ দেউতা যেন সোনকালে ঘূৰি আহে।” টিভিৰ পৰা ৰাকেশ্বৰৰ নিখোঁজ হোৱাৰ খবৰ লাভ কৰা বুলি জনায় তেওঁৰ পত্নী মীনাই। ৰাকেশ্বৰৰ নিখোঁজ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগেই কান্দোনত ভাঙি পৰে তেওঁৰ পৰিয়ালটো। আনকি জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভর্নৰ মনোজ সিঙকো মীনাই আবেদন কৰিছে, সোনকালে যেন তেওঁৰ স্বামীক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে।
উল্লেখ্য, শনিবাৰে ছত্তিশগড়ৰ বিজাপুৰ আৰু সুকমাৰ মাজৰ অৰণ্যত মাওবাদীৰ সৈতে সংঘর্ষত ২২ জন জোৱানৰ মৃত্যু হয়। আৰক্ষীৰ দাবী মতে, ২৫-৩০ জন মাওবাদীও সংঘর্ষত মৃত্য হৈছে। কিন্তু সংঘর্ষৰ পিছৰ পৰা ৰাকেশ্বৰ নামৰ উক্ত জোৱানজনৰ কোনো সন্ধান পোৱা নাছিল।










