![]()
নিউজ ডেস্কঃ
মহাৰাষ্ট্র চৰকাৰে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যে টীকাৰ যোগান যথেষ্ট নহয়। কিন্তু কেন্দ্রই নাকচ কৰি আহিছে সেই অভিযোগ। তাৰ মাজতে এইবাৰ টীকাৰ অভাৱতেই মহাৰাষ্ট্রত বন্ধ হ’ল ২৬টা টীকাকৰণ কেন্দ্র। তাৰ ভিতৰত ২৩টী নৱী মুম্বাইত।
মহাৰাষ্ট্র চৰকাৰে জনোৱা মতে, ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্ৰালয়ক বিষয়টো জনোৱা হৈছে। এই সন্দৰ্ভত কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনৰ সৈতে আলোচনা কৰিছে এনচিপি প্রধান শাৰদ পাৱাৰে। ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ৰাজেশ টোপে জনোৱা মতে, কালি ছাতাৰা, ছাঙ্গলি, পানভেলত টীকাকৰণ বন্ধ হৈ গৈছে। এনচিপি সাংসদ সুপ্রিয়া ছুলেই টুইটাৰত জনাইছে, পুনেতো ১০০টা টীকাকৰণ কেন্দ্র বন্ধ হৈছে।
কেৱল মহাৰাষ্ট্রতে নহয়, গাজিয়াবাদতো একেই অৱস্থা। বহু কেইখন হস্পিটেলত টীকাৰ অমিল। বন্ধ আছে টীকাকৰণ।










