![]()
নিউজ ডেস্কঃ
পুনৰ নৃশংসতাৰ সাক্ষী হ’ল উত্তৰ প্রদেশ। এইবাৰ জঘন্য কাণ্ডৰ কবলত পৰিল দুবছৰীয়া কন্যা শিশু। গাজিয়াবাদত বাক শক্তিহীন এটি দুবছৰীয়া শিশুক ধর্ষণৰ অভিযোগ উঠিল ১৪ বছৰীয়া কিশোৰৰ বিৰুদ্ধে। গুৰুতৰ অৱস্থাত শিশুটিক লৈ যোৱা হয় হস্পিটেললৈ। বৰ্তমান তেওঁৰ চিকিৎসা চলিছে দিল্লীৰ জিটিবি হস্পিটেলত।
আৰক্ষী সূত্র মতে, ঘৰৰ বাৰান্দাত একেলগে খেলি আছিল শিশুটি আৰু কিশোৰজনে। তেতিয়াই ঘটনাটি ঘটে। শিশুটিৰ মাতৃ তেতিয়া আছিল ঘৰৰ তলৰ মহলাত। শিশুটিৰ চিৎকাৰৰ শব্দ শুনি মাতৃ আৰু আইতাক ওপৰলৈ উঠি যায়। ইয়াৰ পিছত শিশুটিৰ শাৰীৰিক নির্যাতনৰ কথা বুজিব পাৰে তেওঁলোকে। লগে লগে আৰক্ষীক খবৰ দিয়া হয়। ইতিমধ্যে অভিযুক্ত কিশোৰজনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে।










