![]()
নিউজ ডেস্কঃ
বিজেপি পশ্চিমবঙ্গত ক্ষমতালৈ আহিলে ‘এণ্টি ৰোমিঅ’ স্কোৱাড’ গঠন কৰিব। হুগলি জিলাৰ চাঁপদানি বিধানসভা সমষ্টিৰ প্রার্থী দিলীপ সিঙৰ সমর্থনত বৃহস্পতিবাৰে এক জনসভাত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে এই কথা কয়। পশ্চিমবঙ্গত বিজেপিৰ চৰকাৰ হ’লে কি কি কৰা হ’ব, সেই কথাও জনসভাৰ পৰা জনাইছে যোগীয়ে।
ছোৱালী-মহিলাসকলৰ বাবে বিভিন্ন সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দি স্বভাৱ সুলভভাৱে আদিত্যনাথে ‘এণ্টি ৰোমিঅ’ স্কোৱাড’ গঠনৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘‘স্কুলীয়া ছাত্ৰীসকলৰ স্কুলৰ সন্মুখত যিবোৰ গুণ্ডা ঘূৰি ফুৰে, সেইবোৰৰ বাবে স্কুলৰ বাহিৰত ঘূৰিব ‘এণ্টি ৰোমিঅ’ স্কোৱাড’।’’










