নিউজ ডেক্স:
দেশজুৰি ক্রমে বৃদ্ধি পাইছে কৰোনা আক্রান্তৰ সংখ্যা। দৈনিক সংক্রমণে এদিন পূৰ্বেই ১ লাখ অতিক্ৰম কৰিছে। এই পৰিস্থিতিত সংক্রমণ ৰুধিবলৈ টীকাকৰণেই একমাত্র উপায় বুলি জনাইছে বিশেষজ্ঞসকলে। সেয়ে এইবাৰ কর্মক্ষেত্রতো টীকা দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্রই।
অহা ১১ এপ্রিলৰ পৰা সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আৰম্ভ হ’ব এই কাৰ্যসূচী। তাৰ বাবে ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰক প্রস্তুতি চলোৱাৰ নির্দেশ দিছে কেন্দ্রই।
কেন্দ্রীয় স্বাস্থ্য সচিবৰ তৰফৰ পৰা প্রতিখন ৰাজ্যৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। তাত কোৱা হৈছে, ‘ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ সহায়ত এই টীকাকৰণ কাৰ্যসূচীৰ সুফল যাতে অধিক মানুহে পায়, তাৰেই প্রচেষ্টা চলোৱা হৈছে।
এই মুহূর্তত কর্মক্ষেত্রলৈ বহুতে যাতায়াত কৰে। তাত সংক্রমণ বাঢ়িব পাৰে। সেয়ে যিবোৰ কাৰ্যালয়ে টীকা ল’বলৈ ইচ্ছুক আৰু টীকা লোৱাৰ যোগ্য ১০০ জন কর্মী পোৱা যাব, তেওঁলোকক কর্মক্ষেত্রত টীকা দিয়া হ’ব। চৰকাৰী আৰু বেচৰকাৰী দুই ধৰণৰ কাৰ্যালয়ৰ বাবেই এই নির্দেশনা।’
উল্লেখ্য, ইতিমধ্যে মহাৰাষ্ট্রসহ বহু কেইখন ৰাজ্যত সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এই পৰিস্থিতিত দিল্লী চৰকাৰে ২৪ ঘণ্টা টীকাকৰণ কেন্দ্র খোলা ৰখাৰ সিদ্ধান্ত লৈছে।










