![]()
নিউজ ডেস্কঃ
বিবাহিত মহিলাসকলক লৈ শ্রীলঙ্কাত অনুষ্ঠিত হৈছিল সুন্দৰী প্রতিযোগিতা। ৪ এপ্রিলত কলম্বো প্রেক্ষাগৃহত অনুষ্ঠিত হৈছিল এই আয়োজনৰ চূড়ান্ত পর্ব। তাত পুষ্পিকা ডি ছিলভাক বিজয়ী ঘোষণা কৰা হয়। কিন্তু চূড়ান্ত পৰ্যায়ৰ মঞ্চৰ পৰাই আৰম্ভ হয় সমালোচনা। ইয়াৰ ফলত বিজয়ীৰ মুকুট তেওঁৰ শিৰৰ পৰা আঁজুৰি অনা হয়।
জানিব পৰা মতে, পুষ্পিকাৰ বিবাহবিচ্ছেদ হোৱাৰ কাৰণে যোৱাবাৰৰ বিজয়ী কেৰোলিন হঠাৎ মঞ্চলৈ উঠি আহি বিজয়ীৰ শিৰৰ পৰা সোণৰ মুকুট আঁজুৰি নিয়ে। একে সময়তে দ্বিতীয় স্থান অধিকাৰীৰ শিৰত মুকুটটি পিন্ধাই দিয়ে।
কেৰোলিনে কয়, নিয়ম অনুযায়ী কোনো বিবাহ বিচ্ছেদিত মহিলাই প্রতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰে। এই কাৰণেই বিজয়ীৰ মুকুটৰ স্থান পুষ্পিকাৰ শিৰত নহয়।
আনহাতে, শ্রীলঙ্কাৰ সংবাদ মাধ্যমৰ সূত্ৰমতে, মুকুট আঁজুৰি নিয়াৰ কাৰণে পুষ্পিকাৰ মূৰত গুৰুতৰ আঘাত লাগে। ইয়াৰ বাবে তেওঁক হস্পিটেলত ভর্তি কৰোৱা হৈছে। এই ঘটনাৰ পিছত পুষ্পিতাই সামাজিক মাধ্যমত নিজৰ বর্তমান অৱস্থাৰ এখন ছবি প্রকাশ কৰে।
ছবিৰ কেপচনত তেওঁ লিখে, মুকুট হেৰুওৱাৰ কষ্ট অনুভৱ কৰিছো। মোৰ সৈতে অবিচাৰ কৰা হৈছে। এতিয়াও মোৰ বিবাহ বিচ্ছেদ হোৱা নাই। বর্তমান স্বামীৰ পৰা পৃথকে আছো।










