![]()
নিউজ ডেস্কঃ
অক্সফোর্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকা কোম্পানীৰ গৱেষণালব্ধ কৰোনাৰ টীকা তৈয়াৰ কৰিছে পুনেৰ চেৰাম ইনষ্টিটিউটে। উক্ত টীকা যোগানত পলস কৰাৰ বাবে পুনেৰ কোম্পানীটোলৈ আইনী জাননী পঠালে এষ্ট্ৰাজেনেকাই। এক সমৰ্থিত সূত্ৰই এই দাবী কৰিছে।
উল্লেখ্য, এই সন্দৰ্ভত আশঙ্কা কালিয়েই প্রকাশ কৰিছিল চেৰাম ইনষ্টিটিউটৰ প্রধান আদৰ পুনাৱালাই। তেওঁ কৈছিল যে ইমান বিপুল পৰিমাণত কৰোনাৰ টীকা কোভিশিল্ড তৈয়াৰ কৰাটো অত্যন্ত চাপৰ বিষয়। ভাৰতত চেৰাম ইনষ্টিটিউটক কোভিশিল্ড আৰু ভাৰত বায়োটেকক কোভেক্সিন টীকা দিয়া হৈছে। এই টীকাৰ সন্দৰ্ভত চেৰাম কোম্পানীৰ সৈতে চুক্তি কৰিছে কেন্দ্রই। সম্প্রতি কোভিশিল্ড বিদেশলৈ ৰপ্তানি বন্ধ কৰিছে। কাৰণ দেশত কৰোনা লেকামহীনভাবে বাঢ়িছে। টীকাৰ চাহিদাও বৃদ্ধি পাইছে।
আদৰ পুনাৱালাৰ মতে, তেওঁলোকে কিয় কোভিশিল্ড ৰপ্তানি কৰিব পৰা নাই সেই কথা বিদেশত বুজোৱা সহজ নহয়। বিদেশত এই টীকা বহু বেছি দামত বিক্ৰীও হৈছে। এইবাৰ সেই কাৰণেই সম্ভৱ আইনী জাননী পালে চেৰাম ইনষ্টিটিউটে।
আদৰ পুনাৱালাই লগতে জনায়, বৰ্তমান মাহত তেওঁলোকে টীকাৰ ৬-৬.৫ কোটি ড’জ উৎপাদন কৰিছে। ১০ কোটি ড’জ ইতিমধ্যে কেন্দ্রৰ হাতত তুলি দিছে। ৬ কোটি ড’জ ৰপ্তানি কৰিছে। দেশত বর্তমান চাহিদা পূৰণ কৰিবলৈ এই উৎপাদন আৰু বৃদ্ধি কৰিব লাগিব।










