![]()
নিউজ ডেস্কঃ
দিল্লী, মুম্বাইৰ পিছত সপ্তাহান্তত গুজৰাটতো এইবাৰ জাৰি হ’ব পাৰে কঠোৰ লকডাউন আৰু নৈশ সান্ধ্য আইন। কঠোৰৰ পৰা কঠোৰতম হ’ব পাৰে কৰোনা বাধা-নিষেধ। ৰাজ্যত কৰোনাৰ বৰ্ধিত ৰূপৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক এই নির্দেশ দ্রুততাৰে কার্যকৰী কৰাৰ কথা কৈছে গুজৰাট আদালতে।
গুজৰাট আদালতে ইতিমধ্যে ৰাজ্য চৰকাৰক দ্রুততাৰে সিদ্ধান্ত লোৱাৰ কথা কৈছে। সংক্রমণৰ হাৰ দেখি, আদালতৰ অনুভৱ হৈছে সপ্তাহান্তত কঠোৰ লকডাউন গ্ৰহণ কৰা উচিত গুজৰাটত। আৰোপ কৰা উচিত নৈশ সান্ধ্য আইন। উল্লেখ্য, এই মুহূর্তত গুজৰাটত প্রতিদিনে আক্রান্ত হৈছে তিনিৰ পৰা চাৰে তিনি হাজাৰ লোক।
ইফালে বিগত ২৪ ঘণ্টাত দেশত আক্রান্ত হৈছে ১ লাখ ১৫ হাজাৰ ৭৩৬ জন। এই পর্যন্ত মুঠ আক্রান্তৰ সংখ্যা ১ কোটি ২৮ লাখ। বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৬৩০ জন, এই পর্যন্ত মুঠ মৃত্যু হৈছে ১ লক্ষ ৬৬ হাজাৰ ১৭৭ জন।










