![]()
নিউজ ডেস্কঃ
ভাৰতত দোপক-দোপে বাঢ়িছে ক’ৰোণা ভাইৰাছ। নিয়ন্ত্ৰণৰ বাহিৰত ক’ৰোণাৰ দ্বিতীয়টো ঢৌ; বিগত ২৪ ঘণ্টাত ৮৯,১২৯ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোণাত; ৭ মাহৰ তুলনাত এদিনতে সৰ্বাধিক হাৰত বৃদ্ধি হৈছে ক’ৰোণা। পৰিসংখ্যানুসৰি, বিগত বৰ্ষৰ ২০ চেপ্তেম্বৰত দিনটোত ৯২, ৬০৫ তকৈ অধিক লোক এদিনতে আক্ৰান্ত হৈছিল। আনহাতে, শনিবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্যৰ ভিত্তিত ক’ভিডৰ নতুন সংক্ৰমণৰ ফলত নতুনকৈ মৃত্যু মুখত পৰিছে ৭১৪ জন। আকৌ, ইয়াৰ পূৰ্বে ২১ অক্টোবৰ, ২০২০ত মৃত্যু মুখত পৰিছিল ৭১৭ গৰাকী লোক।
এইখিনিতে, আপোনালোকক জনাই থওঁ যে, ২৪ ঘণ্টাত ক’ৰোণাত মৃত্যু হোৱা ৭১৪ জন লোকৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৪৮১ জন হোৱাৰ পৰিৱৰ্তে পঞ্জাৱৰ ৫৭ জন, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশত ১৬ জনৰ লগতে কেৰালা আৰু দিল্লীত ১৪ জন আৰু তামিলনাডুত ১২গৰাকী লোক। উল্লেখ্য যে, বিগত এসপ্তাহত ক’ৰোণাত আক্ৰান্তৰ সংখ্যা ক্ৰমশ বৃদ্ধি পাবলৈ ধৰিছে; ৬২ হাজাৰৰ পৰা এই সংখ্যা বৃদ্ধি হৈ পাইছেগৈ ৯০ হাজাৰ। এসপ্তাহ পূৰ্বে, ২৮ মাৰ্চত ৬২,৭১৪টা , ২৯ মাৰ্চত ৬৮,০২০টা, ৩০ মাৰ্চত ৫৬,২১১টা, ৩১ মাৰ্চত ৫৩,৪৮০, ১ এপ্ৰিলত ৭২,৩৩০ আৰু শুকুৰবাৰে ৮১,৪৬৬ টা নতুন ঘটনা পোহৰলৈ আহিছে। ক’ৰোণাৰ বৰ্ধিত ঘটনাৰ লগতে টিকাকৰণ অভিযানো ইতিমধ্যে তীব্ৰতৰ কৰা হৈছে। ভাৰতত এতিয়ালৈ ৭ কোটি লোকক ক’ভিদ১৯ ৰ ভেকচিন প্ৰদান কৰা হৈছে।










