![]()
নিউজ ডেস্কঃ
এটা সৰু হাঙ্গৰ মুখত চেপি ধৰিছে বিশালাকায় এটা কুম্ভীৰে। লোমহৰ্ষক এই দৃশ্য এজন লোকে দেখিছে নিজ চকুৰে। কেৱল সেয়ে নহয়, দৃশ্যটোৰ ছবিও তুলি ৰাখিছে তেওঁ। এই সন্দৰ্ভত চর্চাও চলিছে।
এই ছবিখন তোলা লোকজন এজন অষ্ট্ৰেলিয়াৰ গৱেষণা বিজ্ঞানী আৰু ফটোগ্ৰাফাৰ ৷ তেওঁৰ নাম মাৰ্ক জিমবিকিল। অষ্ট্ৰেলিয়াৰ পূব উপকূলৰ এটা অঞ্চলত ফটো তুলিবলৈ গৈ তেওঁৰ এই অভিজ্ঞতা হয়। মার্কে জনাইছে, ঘটনাস্থলীৰপৰা তেওঁ যথেষ্ট দূৰত আছিল। তাৰ পৰাই তেওঁ কেমেৰাৰে ফটো তোলে। প্রায় ১০ মিনিট ধৰি পানীৰ মাজত হাঙ্গৰ-কুম্ভীৰৰ সংঘর্ষখন চলে।
এই ধৰণৰ কুম্ভীৰসমূহ ভয়ানক শক্তিশালী হয়। ইহঁতৰ নীল কুম্ভীৰ বুলি কোৱা হয়। প্রায় ৭০০ কিলোগ্রাম ওজনৰ কুম্ভীৰটোৰ কবলত পৰি হাঙ্গৰটোৱে নিজক ৰক্ষা কৰিব নোৱাৰিলে।










