নিউজ ডেক্স:
দৰকাৰ হ’লে দ্বিতীয় দফাত বাহিনীক গুলি চালনাৰ নির্দেশ নিৰ্বাচন কমিচনৰ। বাহিনীক আক্রমণ কৰিলেই গুলি চালনাৰ নির্দেশ দিলে কমিচনে। দ্বিতীয় দফাৰ ভোটৰ আগত নজিৰবিহীন নির্দেশ দিলে কমিচনে।
উল্লেখ্য, পটাচপুৰত কেন্দ্রীয় বাহিনীৰ আহত হোৱাৰ ঘটনাত ক্ষুব্ধ কমিচন। সেয়ে দ্বিতীয় দফাৰ ভোটৰ আগত কঠোৰ বার্তা দিলে কমিচনে। কোনো সমস্যা হ’লেই আত্মৰক্ষাৰ বাবে গুলি চলাব পাৰিব সেনা বাহিনীয়ে। আজি বাহিনীক এই দৰে অনুমতি দিলে নির্বাচন কমিচনে।
সাধাৰণতে নিয়ম অনুসৰি বাহিনীয়ে গুলি চলাব পাৰে। কিন্তু এনে ঘটনাৰ নজিৰ প্রায় নায়েই বুলি ক’ব পাৰি। কমিচনৰ এই নজিৰবিহীন নির্দেশত দ্বিতীর দফাৰ ভোটৰ আগত এক প্রশ্ন উত্থাপন হৈছে। ইয়াৰ ফলত সাধাৰণ ভোটাৰসকলে অধিক আতঙ্কিত বোধ নকৰিবনে? উঠিছে সেই প্রশ্ন।
উল্লেখ যোগ্য যে, ১ এপ্রিল বৃহস্পতিবাৰে দ্বিতীয় দফাৰ ভোট গ্ৰহ। দ্বিতীয় দফাত গোচাবা, পাথৰপ্রতিমা, কাকদ্বীপ, সাগৰ, তমলুক, পাঁছকুড়া পূর্ব, পাঁছকুড়া পশ্চিম, ময়না, নন্দকুমাৰ, মহিষাদল, হলদিয়া, নন্দীগ্রাম, চণ্ডীপুৰ, খড়্গপুৰ সদৰ, নাৰায়ণগড়, সবং, পিংলা, ডেবৰা, দাসপুৰ, ঘাটাল, চন্দ্রকোনা, কেশপুৰ, তালডাংৰা, বাঁকুড়া, বড়জোড়া, ওন্দা, বিষ্ণুপুৰ, কোতলপুৰ, ইন্দাস, সোনামুখীত ভোট গ্ৰহণ কাৰ্যসূচী হ’ব।










