![]()
নিউজ ডেস্কঃ
অহা কালিলৈ দৌলপূর্ণিমা। বসন্তপূর্ণিমাৰ এই অপূর্ব ৰাতি আকাশত দেখা পোৱা যাব চুপাৰমুন।
নাছা এটা বিবৃতিত জনোৱা হৈছে, ভাৰতীয় সময় অনুসৰি দেওবাৰে ৰাতি ১২বাজি ১৮ মিনিটত নিজৰ কক্ষপথত প্রদক্ষিণ কৰি কৰি পৃথিৱীৰ সকলোতকৈ কাষলৈ আহিব চন্দ্ৰ । ফলত তেতিয়া সেই চন্দ্ৰক পৃথিৱীৰপৰা যথেষ্ট ডাঙৰ আকাৰত দেখা যাব। সেই সময়চোৱাত চন্দ্ৰ আৰু সূর্য থাকিব এটা আনটোৰ বিপৰীতে। উল্লেখ্য, এয়াই এই বৰ্ষৰ প্রথম চুপাৰমুন।
ইয়াৰ অৰ্থ এইটো নহয় যে, সেই এদিনেই চন্দ্ৰক এনে বিশেষ আকাৰত দেখা সম্ভৱ হ’ব। প্রায় ৩ দিন ধৰি এই চুপাৰমুন দৃশ্যমান হ’ব ৰাতিৰ আকাশত। নাছা সূত্রৰপৰা জানিব পৰা গৈছে, এই বছৰ একাধিক চুপাৰমুনৰ পৰিঘটনা সংঘটিত হ’ব।
উল্লেখ যোগ্য যে, এই চুপাৰমুনক ৱৰ্ম মুন বুলিও কোৱা হয়। আমেৰিকান কৃষকসকলৰ দিনপঞ্জী অনুসৰি, এই সময়চোৱাতে পৃথিৱীত অজস্ৰ বিভিন্ন পোক-পতঙ্গ দেখা পোৱা যায়।










