![]()
নিউজ ডেস্কঃ
বাংলাদেশত উদযাপিত হৈ আছে স্বাধীনতাৰ স্বৰ্ণ জয়ন্তী। মুখ্য অতিথি হিচাবে উপস্থিত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুক্রবাৰে ঢাকাত মুজিব শতবর্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰে মোদীয়ে। কিন্তু উক্ত অনুষ্ঠানত ঘটে অথন্তৰ৷ চট্টগ্রামৰ এটি অঞ্চলত আৰক্ষীৰ গুলীত নিহত হয় ৪ জন। প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বাংলাদেশ ভ্ৰমণকালত ৰাজপথত নামি প্ৰতিবাদ কৰে হাজাৰোধিক প্রতিবাদকাৰীয়ে। বিভিন্ন ইছ্যুত সৰৱ হয় প্ৰতিবাদকাৰীসকল। তেওঁলোকক আঁতৰাবলৈ গৈয়েই ৰবৰৰ বুলেট নিক্ষেপ কৰে আৰক্ষীয়ে। উক্ত বুলেটৰ আঘাততেই প্ৰায় ৪ জনৰ মৃত্যু হোৱা বুলি সূত্রত প্ৰকাশ।
মোদীৰ ভ্ৰমণকালতে ৰাজপথত নামে দেশখনৰ ‘হেফাজত-ই-ইছলাম’ৰ কর্মীসকল। উক্ত ঘটনাত দুজন সাংবাদিকসহ প্রায় ১২ জন আঘাতপ্ৰাপ্ত হয়। শুক্রবাৰে দুপৰীয়া হাজাৰোধিক লোকে লাঠি লৈ বিভিন্ন স্থানত তাণ্ডৱ চলায়।
আৰক্ষীৰ মতে, বিনা প্রৰোচনাই হেফাজতৰ সদস্যসকলে থানাত আক্ৰমণ চলায়। ব্যাপক ক্ষতিসাধন কৰে থানা চৌহদ। এজন উচ্চপদস্থ বিষয়াৰ গাড়ীত জুই লগাই দিয়ে প্রতিবাদীকাৰীসকলে। আক্ৰমণ চলায় অগ্নিনিৰ্বাপক বাহিনীৰ কর্মচাৰীসকলৰ ওপৰতো। সংঘর্ষ হয় আৰক্ষীৰ সৈতে। ইয়াৰ পিছতে ৰবৰ বুলেট চলাবলৈ বাধ্য হয় আৰক্ষী। উক্ত সংঘর্ষত আহত হয় ৫ জন। তেওঁলোকৰ ভিতৰত ৪ জনক চিকিৎসকে মৃত ঘোষণা কৰে।










