![]()
নিউজ ডেস্কঃ
হয় সম্পূর্ণ বিনিয়োগ কৰিব লাগিব নহ’লে এয়াৰ ইণ্ডিয়াক তলাবন্ধ কৰিব লাগিব। এয়াৰ ইণ্ডিয়া সন্দৰ্ভত শনিবাৰে নিজৰ সিদ্ধান্তৰ কথা জনালে কেন্দ্রই। এয়াৰ ইণ্ডিয়াক ইতিমধ্যেই নিলামত উঠোৱা হৈছে। আগ্রহী ক্রেতাসকলৰ বাবে ৬৪ দিনৰ সময়সীমা বান্ধি দিছে কেন্দ্রই। তাৰ ভিতৰত নিবিদা জমা দিব লাগিব। ইতিমধ্যে বহুকেইটা কোম্পানীয়ে এয়াৰ ইণ্ডিয়া ক্ৰয়ৰ আগ্রহ দেখুৱাইছে বুলি জানিব পৰা গৈছে।
আনহাতে, এয়াৰ ইণ্ডিয়াৰ ১০০ শতাংশ শ্বেয়াৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি শনিবাৰে কেন্দ্রই জনায়। অসামৰিক বিমান পৰিবহণ মন্ত্রী হৰদীপ সিং পুৰীয়ে কয়, ‘এয়াৰ ইণ্ডিয়াৰ ১০০ শতাংশ বিনিয়োগৰ সিদ্ধান্ত লৈছো আমি। কিন্তু প্ৰশ্ন এটাই, বিনিয়োগ কৰা হ’ব নে একেবাৰে বন্ধ কৰি দিয়া হ’ব। এয়াৰ ইণ্ডিয়া আগশাৰীৰ সম্পদ, সেই ক্ষেত্ৰত কোনো সন্দেহ নাই। কিন্তু বজাৰত প্রায় ৬০ হাজাৰ কোটিৰ দেনা। এই সমস্যাৰ পৰা ওলাই আহিব লাগিব।’










