![]()
নিউজ ডেস্কঃ
ইতিহাসৰ অন্যতম তিক্ত আৰু সুদীর্ঘ কর্পোৰেট যুঁজত ছাইৰাচ মিস্ত্রি আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ছুপ্রিম কোর্টত জয়ী হ’ল টাটা গোষ্ঠী। ২০১৬ চনত ছাইৰাচক হঠাৎ টাটা ছন্সৰ শ্বেয়াৰমেন পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্তক সঠিক বুলি ৰায় দিলে ছুপ্রিম কোৰ্টে।
লগতে উক্ত পদত মিস্ত্রিক পুনৰ বাহালৰ যি নির্দেশ দিছিল এনচিএলএটিয়ে সেয়া খাৰিজ কৰে প্রধান ন্যায়াধীশ এছএ বোবডে, ন্যায়াধীশ এএছ বোপান্না আৰু ভি ৰামসুব্রহ্মণ্যনৰ বিচাৰপীঠে। ৰায়টোত কোৱা হয়, ‘‘…আইনৰ সকলো প্রশ্নৰ উত্তৰেই আবেদনকাৰী টাটা গোষ্ঠীৰ পক্ষত গৈছে। সেয়ে তেওঁলোকৰ আবেদন মঞ্জুৰ কৰা হ’ল আৰু খাৰিজ কৰা হ’ল ছাপুৰজি পালোনজি (এছপি) গোষ্ঠীৰ দাবী।’’ উল্লেখ্য, এনচিএলএটিৰ নির্দেশক প্ৰত্যাহ্বান জনায়েই ছুপ্রিম কোর্টলৈ গৈছিল টাটা পৰিয়াল।










