![]()
নিউজ ডেস্কঃ
কাৰ্যালয়ত বহি পর্ণ ছবি চোৱাৰ প্রমাণ পোৱাত চাকৰি হেৰুৱাবলগা হ’ল দুগৰাকী নাৰীসহ ছয় কর্মচাৰীৰ। মধ্যপ্রদেশৰ গোৱালিয়ৰৰ জিৱাজি বিশ্ববিদ্যালয়ৰ কাৰ্যালয় কক্ষত এই ঘটনা নিলৰ্জ্জ ঘটনাটো ঘটে।
জানিব পৰা মতে, বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিভাগৰ প্রায় সাত-আঠজন কর্মচাৰীয়ে এই কাণ্ড চলাই গৈছিল। বিশ্ববিদ্যালয়ৰ কাৰ্যালয়ত বহি অফিচ আইডি ব্যৱহাৰ কৰি পর্ণ ছবি চাইছিল। তেওঁলোকে এটা মাহত প্রায় ১২৫৬ মিনিট ভিডিও চাইছিল। মুঠ আঠটা আইডিৰে লগ-ইন কৰি চাইছিল পর্ণ ছবি-ভিডিও। এই কর্মচাৰীকেইজনৰ ভিতৰত দুগৰাকী আকৌ মহিলাও আছে।
এএনআইয়ৰ এক প্রতিবেদনত কোৱা হৈছে যে স্থায়ী আৰু অস্থায়ী কর্মচাৰীসলো পর্ন ৱেবছাইটত প্ৰৱেশ কৰিছিল। এটি গোপন সূত্ৰৰ ভিত্তিত বিষয়টা তদন্ত কৰে বিশ্ববিদ্যালয়খনৰ উপাচার্যই। পিছত এখন কমিটিও গঠন কৰে। উক্ত কমিটিৰ ৰিপোর্ট পোৱাৰ পিছতেই উক্ত ঘটনা পোহৰলৈ আহে।
বিশ্ববিদ্যালয়ৰ ফ্রি এক্সেছ নেটৱর্ক ব্যৱহাৰ কৰি পর্ন ভিডিওৰ ছাইটবোৰত ভিডিও চাইছিল কর্মচাৰীকেইজনে। ঘটনাটি প্রকাশ্যে অহাৰ পিছতেই তেওঁলোকক বৰ্খাস্ত কৰা হয়। অৱশ্যে অভিযুক্তকেইজনৰ ভাষ্য মতে, অন্য ৱেবছাইট ছার্চ কৰিবলৈ যাওঁতে পর্ন ছাইট নিজে নিজে খুলি গৈছিল।










