![]()
নিউজ ডেস্কঃ
কেইদিনমান পূৰ্বে উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এটি মন্দিৰ বাতৰিৰ শিৰোনামত আহিছিল। নেপথ্যত আছিল এটি মুছলিম কিশোৰে মাৰ খোৱাৰ ঘটনা। মন্দিৰত পানী খোৱাৰ অপৰাধত মাৰ খাবলগা হৈছিল মুছলিম কিশোৰটিয়ে। এইবাৰ উক্ত মন্দিৰৰেই পুৰোহিতে ভাৰতৰ মুছলিমসকলক লৈ বিতর্কিত মন্তব্য কৰি পুনৰ শিৰোনামলৈ আহিছে। কেৱল সেয়াই নহয়, দেশৰ প্রাক্তন ৰাষ্ট্রপতি এপিজে আবদুল কালাম সন্দৰ্ভতো ভিত্তিহীন অভিযোগ কৰে দশনা দেৱী মন্দিৰৰ পুৰোহিতজনে।
আজি আব্দুল কালামক লৈ ভিত্তিহীন অভিযোগ কৰে গাজিয়াবাদৰ মন্দিৰটোৰ পুৰোহিত নৰসিংহনাদ সৰস্বতীয়ে৷ দেশৰ প্রাক্তন ৰাষ্ট্রপতি তথা বিখ্যাত বিজ্ঞানী প্রয়াত এপিজে আব্দুল কালামক তেওঁৰ ধর্মক লৈ কটাক্ষ কৰে।
কেৱল সেয়াই নহয়, এপিজে আব্দুল কালামক তেওঁ জেহাদী বুলি অভিহিত কৰি বিতর্কৰ সৃষ্টি কৰিছে। লগতে এপিজে আব্দুল কালামক সন্দৰ্ভত ভিত্তিহীন অভিযোগো আনে পুৰোহিতজনে।
‘এপিজে আব্দুল কালাম জেহাদী আছিল’ বুলি কোৱাৰ লগতে নৰসিংহনাদ সৰস্বতীয়ে কয়, ‘উচ্চস্তৰত থকা কোনো ভাৰতীয় মুছলিমেই ভাৰতৰ সমর্থক নহয়। কালাম নিজে এজন জেহাদী আছিল।’ লগতে তেওঁৰ দাবী, এপিজে আব্দুল কালাম যেতিয়া ডিআৰডিও প্রধান আছিল, তেতিয়া তেওঁ পাকিস্তানক পাৰমাণৱিক বোমাৰ ফর্মুলা দিছিল।
প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ বিৰুদ্ধে সংখ্যালঘু তোষণৰ অভিযোগ তুলি তেওঁ কয়, ‘এপিজে আব্দুল কালামে ৰাষ্ট্রপতি ভৱনত এটি কোষ সৃষ্টি কৰিছিল, য’ত দেশৰ যিকোনো মুছলিমে তেওঁলোকৰ অভিযোগৰ কথা জনাব পাৰিছিল।’










