![]()
নিউজ ডেস্কঃ
মুছলিম মহিলাসকলৰ বোৰ্খা পৰিধান কৰাটো ‘অসভ্য প্রথা’! এই বিতৰ্কিত মন্তব্য উত্তৰ প্রদেশ সংসদীয় মন্ত্রী আনন্দস্বৰূপ শুক্লাৰ। উল্লেখ্য, আনন্দস্বৰূপ বিতৰ্কিত মন্তব্যৰ বাবে সদায় চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। মন্ত্ৰীগৰাকীৰ পুনৰ বিতৰ্কিত মন্তব্য, যিকোনো ধর্মৰ নাৰীসকলক পছন্দ অনুযায়ী পোছাক পৰিধান দিয়া উচিত, ৰক্ষণশীলতা আৰু প্রথাৰ নামত জোৰকৈ একো জাপি দিয়া উচিত নহয়।
বুধবাৰে আনন্দস্বৰূপে কয়, ‘বোৰ্খা পিন্ধাটো অমানৱিক আৰু অসভ্য প্রথা।’ আনকি ভাৰতত নিষিদ্ধ হোৱা তিনি তালাক প্রথাৰ সৈতেও ইয়াৰ তুলনা কৰে। বিতর্ক সৃষ্টি হোৱাৰ লগে লগেই পিছে সুৰ সলনি কৰে শুক্লাই। দোহাই দিলে নাৰী স্বাধীনতাৰ। ইয়াকো ক’লে, ধর্মীয় নেতাসকলে ২১ শতিকাৰ সৈতে তাল মিলাই সমাজক আগবঢ়াই লৈ যোৱা উচিত।
যোগী ৰাজ্যৰ মন্ত্রীগৰাকীৰ দাবী, বোৰ্খা প্রথা বহু ইসলামিক দেশতেই নিষিদ্ধ। তাক পৰিধান কৰিবনে নকৰে, সেই পছন্দৰ অধিকাৰ থকা উচিত মুছলিম নাৰীৰ। যিসকলে প্রগতিশীল চিন্তা-ভাবনা কৰে তেওঁলোকে এই প্রথা ত্যাগ কৰিছে। উত্তৰ প্রদেশত বোৰ্খা নিষিদ্ধ হ’ব নেকি বুলি প্রশ্ন কৰা হৈছিল শুক্লাক। উত্তৰত তেওঁ কয়, এইটো সামাজিক ইছ্যু। মুছলিম ধর্মীয় নেতাসকল এইক্ষেত্রত আগবাঢ়ি আহিব লাগিব আৰু মুছলিম নাৰীসকলৰ মতামত ল’ব লাগিব।










