![]()
নিউজ ডেস্কঃ
হোলিৰ বজাৰত এতিয়া সৰ্বত্ৰে নৰেন্দ্র মোদী ফিচকাৰি আৰু মাস্ক। মাজত মাত্ৰ আৰু দুটা দিন। তাৰ পিছতেই সমগ্ৰ দেশজুৰি পালিত হ’ব ৰঙৰ উৎসৱ। আৰু এইবাৰ হোলিৰ বজাৰত তুমুল চাহিদা বৃদ্ধি পাইছে দেশৰ প্রধানমন্ত্রী মোদীৰ নামত অহা ফিচকাৰি আৰু মাস্কৰ।
জানিব পৰা মতে, বিভিন্ন ৰঙৰ মোদী মাস্কৰ চাহিদাই সকলোতকৈ বেছি। ব্যৱসায়ীসকলে জনোৱা মতে, কম বয়সীয়াসকলৰ মাজত মোদী মাস্ক কিনাৰ আগ্ৰহ বৃদ্ধি পাইছে। অৱশ্যে বিক্ৰী অনুসাৰে কমিছে তাৰ যোগান৷ বজাৰত মুহূৰ্ততে বিক্ৰী হৈ গৈছে মোদীৰ নামৰ সকলো সামগ্ৰী। পাটনাৰ এজন বিক্রেতাৰ মতে, কৰোনা সংক্রমণৰ কথা মনত ৰাখিয়েই মোদী মাস্ক কিনাৰ ধুম উঠিছে। তেওঁ কয়, ‘আমাৰ ওচৰত বিভিন্ন মাস্ক আছে। কিন্তু ক্রেতাসকলে কেৱল মোদী মাস্ক আৰু ফিচকাৰিহে কিনিছে।’










