![]()
নিউজ ডেস্কঃ
পাঁচ ৰাজ্যত বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত দেশজুৰি বন্ধৰ আহ্বান বিক্ষোভকাৰী কৃষকৰ। তিনি কৃষি আইনৰ বিৰুদ্ধে আন্দোলনৰ তাব্ৰতা আৰু বৃদ্ধি কৰিবলৈ পুনৰ ২৬ মার্চত বন্ধৰ আহ্বান বিক্ষোভৰত কৃষকসকলৰ। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান জ-নাইছিল কৃষকসকলে। কৃষি আইনৰ প্রতিবাদত কেইদিনমান পূৰ্বে ৰে’ল অৱৰোধ কাৰ্যসূচীও পালন কৰে কৃষকগৰাকীয়ে। আৰু তাৰ পিছত কাইলৈ ভাৰত বন্ধৰ আহ্বান। ফলত থমকি যাব পাৰে জনজীৱন।
শুক্রবাৰে পুৱা ৬টাৰ পৰা সন্ধ্যা ৬টা পর্যন্ত দেশজুৰি বন্ধৰ আহ্বান জনোৱা হৈছে। বন্ধৰ সময়ত ৰে’ল, যানবাহন চলাচল বন্ধ থাকিব পাৰে। দোকান-বজাৰো বন্ধ হোৱাৰ সম্ভাৱনা আছে। কৃষক নেতা দর্শন পালে কয়, ‘আমি ভাৰতবাসীক আবেদন জনাইছোঁ, যাতে কৃষকসকলৰ গৌৰৱৰ স্বার্থত এই ভাৰত বন্ধক তেওঁলোকে সফল কৰে।’ ইফালে ভাৰত বন্ধক সমর্থন জনাইছে অন্ধ্রপ্রদেশৰ ৱাইএছআৰ কংগ্রেছ পার্টিয়েও।










