![]()
নিউজ ডেস্কঃ
আমেৰিকাত কোভিডৰ বিৰুদ্ধে যুঁজা ভাৰতীয় বংশোদ্ভৱ চিকিৎসক ডাঃ বিবেক মূর্তিৰ ওপৰতেই পুনৰ ভৰসা ৰাখিলে ৰাষ্ট্ৰপতি জো বাইডেনে। নাগৰিক স্বাস্থ্য সুৰক্ষাত দেশখনৰ অন্যতম সর্বোচ্চ প্রশাসনিক পদ ‘ছার্জেন জেনেৰেল’ হিচাবে ঘূৰাই আনিলে তেওঁক। জনস্বাস্থ্য সেৱাৰ লগতে কৰোনা ভাইৰাছ মোকাবিলাত সহযোগিতা কৰাৰ বাবে তেওঁক মার্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ উপদেষ্টাও কৰা হৈছে। বাৰাক ওবামা ৰাষ্ট্ৰপতি থকা সময়ত ডাঃ মূর্তি ২০১৪-২০১৭লৈ আমেৰিকাৰ ছার্জেন জেনেৰেল আছিল। ট্রাম্প ক্ষমতালৈ অহাৰ পিছত তেওঁক দায়িত্বৰ পৰা আঁতৰোৱা হয়। ওবামা প্রশাসনৰ অন্যতম ভৰসাৰ নাম আছিল এই ডাঃ বিবেক মূর্তি।
উল্লেখ্য, ২০১৪ চনৰ ১৫ ডিচেম্বৰত আমেৰিকাৰ ১৯ সংখ্যক ছার্জেন জেনেৰেল পদত নিযুক্ত হৈছিল তেওঁ। ২০১৭ চনৰ ২১ এপ্রিল পর্যন্ত উক্ত পদত কাম কৰিছিল তেওঁ। সোমবাৰে মার্কিন সংসদত ৫৭ জন ছিনেট সদস্যই তেওঁৰ পক্ষত ভোট দিয়ে। আৰু বিপক্ষত ভোট পৰে ৪৩ টা।
বাইডেন প্রশাসনত পুনৰবাৰ ‘ছার্জেন জেনেৰেল’ পদত অধিষ্ঠিত হোৱাত আনন্দিত ডাঃ বিবেক মূর্তি। তেওঁৰ ওপৰত ভৰসা ৰখা বাবে মার্কিন সংসদৰ প্রতিজন সদস্যৰ ওচৰতো তেওঁ কৃতজ্ঞ।










