![]()
নিউজ ডেস্কঃ
ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৩ মার্চ, মঙলবাৰে পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্রতিবেশী দেশখনৰ নাগৰিকক শুভেচ্ছা জনাই ইমৰান খানলৈ এক পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত মোদীয়ে লিখিছে, ‘প্রতিবেশী দেশ পাকিস্তানৰ সৈতে সৌহার্দ্যপূর্ণ সু-সম্পর্ক বিচাৰে ভাৰতে। আৰু সেই সম্পর্ক স্থাপনৰ ক্ষেত্রত সন্ত্রাসমূলক পৰিবেশৰ পৰা আঁতৰি আহিব লাগিব পাকিস্তান। সন্ত্রাসমূলক কামকাজৰ ক্ষেত্রত কঠোৰ হাতেৰে ব্যৱস্থা ল’ব লাগিব পাকিস্তানে। দুয়ো দেশৰ সম্পর্ক ভাল কৰিবলৈ সকলো সময়তে উদ্যোগী ভাৰত। পাকিস্তানৰ সকলো নাগৰিকৰ সৈতে ভাল সম্পর্ক গঢ়ি উঠাটো বিচাৰে ভাৰতে৷’ কৰোনা কালত পাকিস্তান প্রশাসনে দেশখনৰ নাগৰিকসকলৰ বাবে ভাল কাম কৰিছে বুলিও প্রশংসা কৰে মোদীয়ে।
চৰকাৰী সূত্র মতে, পাকিস্তানৰ ৰাষ্ট্ৰীয় দিৱসক কেন্দ্র কৰি প্রতি বছৰেই ভাৰতৰ পৰা পাকিস্তানলৈ পত্ৰ প্ৰেৰণ কৰা হয়। উল্লেখ্য, ২৩ মার্চ দিনটোতেই ১৯৪০ চনত অল ইণ্ডিয়া মুছলিম লীগে মুছলমানসকলৰ বাবে পৃথক ৰাষ্ট্র বিচাৰি দাবী জনাইছিল। সেয়েহে উক্ত দিনটোক পাকিস্তান দিৱস হিচাবে পালন কৰে পাক নাগৰিকসকলে। কূটনৈতিক বিশ্লেষকসকলৰ মতে, দুয়ো দেশৰ মাজত যি সংঘাতপূৰ্ণ পৰিবেশ চলিছিল তেনে পৰিস্থিতি হয়তো বহুখিনি সহজ কৰি তুলিব মোদীৰ এই পত্ৰই।










