নিউজ ডেক্স:
ভাৰতত ক্রমশ বৃদ্ধি পাইছে কৰোনা সংক্রমণ। সেই কাৰণে এইবাৰ আন্তর্জাতিক বিমান বাতিল কৰাৰ সিদ্ধান্ত ল’লে ডিৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচনে। সংস্থাটোৱে জনোৱা মতে, অহা ৩০ এপ্রিল পর্যন্ত বাতিল কৰা হৈছে সকলো আন্তর্জাতিক উড়ান।
অৱশ্যে এই নির্দেশ কার্গো বিমানৰ ক্ষেত্রত প্রযোজ্য নহয়। একেদৰে ডিজিচিএ যদি কোনো বিমানক বিশেষভাবে অনুমতি দিয়ে তেতিয়াহ’লে সেইবোৰৰ ক্ষেত্রত এই নিয়ম বলৱৎ নহ’ব।
ইয়াৰ উপৰি ডিজিচিএই জনাইছে যে নির্ধাৰিত বিমানবোৰ নির্দিষ্ট পছত যাতায়াত কৰিব পাৰিব। এই সন্দৰ্ভতো বিস্তাৰিত তথ্য জনাইছে ডিৰেক্টৰেট জেনেৰেল অব চিভিল এভিয়েচনে।










