নিউজ ডেক্স:
প্রথম শাৰীৰ ক’ৰোনা যোদ্ধা আৰু ষাঠিঊর্ধ্বসকলৰ পিছত এইবাৰ ৪৫ বছৰৰ ওপৰৰ সকলোৱে পাব ক’ৰোনা টীকা। কেন্দ্রীয় মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে।
বছৰৰ আৰম্ভণিৰ পৰাই দেশজুৰি আৰম্ভ হৈছে ক’ৰোনা টীকাকৰণ প্রক্রিয়া। প্রথমে প্ৰথমশাৰীৰ কৰ্মী চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী আৰু চাফাইকর্মীসকলক দিয়া হয় টীকা। ইয়াৰহ পিছত ষাঠিঊর্ধ্বসকলক ক’ৰোনা টীকা দিয়াৰ প্রক্রিয়া আৰম্ভ হয় ১ মার্চৰ পৰা।
এই পৰ্যায়ত ৪৫ বছৰৰ ওপৰৰ আৰ কোমর্বিডিটি থকা সকলে ক’ৰোনা টীকা পাইছে। কিন্তু এইবাৰ ৪৫ ঊর্ধ্বৰ সকলোৱেই ক’ৰোনা টীকা পাব। মঙ্গলবাৰে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে।
১ এপ্রিলৰ পৰা ৪৫ ঊর্ধ্বৰ লোকসকলে ক’ৰোনা টীকা পাব। চৰকাৰে ৪৫ বছৰৰ ওপৰৰ লোকসকলক নাম পঞ্জীয়ন কৰিবলৈ অনুৰোধ কৰা হৈছে।










