নিউজ ডেক্স:
বাংলাদেশৰ কক্সবজাৰৰ উখিৰাৰ বালুখালী ৰোহিঙ্গা শিবিৰত ভয়াৱহ অগ্নিকাণ্ড। ৮ নম্বৰ ৰোহিঙ্গা শিবিৰৰ এটি ঘৰত জুই লাগে। মুহূর্তৰ ভিতৰতে সেই জুইৰ গ্রাসলৈ আহে সমগ্ৰ শিবিৰটো।
জানিব পৰা মতে, ৫০ হাজাৰৰো অধিক শৰণার্থী শিবিৰ পুৰি ছাই হৈ গৈছে। ইতিমধ্যে ৭ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বাংলাদেশ চৰকাৰে বিস্তাৰিতভাৱে হতাহতৰ সংখ্যা নজনালেও প্ৰাপ্চ খবৰ অনুযায়ী মৃতকৰ সংখ্যা আৰু বাঢ়িব পাৰে।










