নিউজ ডেক্স:
বিয়াৰ প্রস্তাৱ নাকচ কৰিছিল এগৰাকী যুৱতীয়ে। সেই কাৰণে ১৬ বছৰীয়া যুৱতীগৰাকীক নৃশংসভাবে হত্যা কৰিলে ২৩ বছৰীয়া এজন যুৱকে। সম্প্রতি ঘটনাটি ঘটিছে গুজৰাটৰ জেতলচৰ এলেকাত।
যুৱতীগৰাকীক হত্যা কৰাৰ অপৰাধত অভিযুক্ত যুৱক জয়েশ চাৰভাইয়াক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, বিয়াৰ প্রস্তাৱ প্রত্যাখ্যান কৰাত ৩২বাৰ চোকা অস্ত্ৰৰে যুৱতীগৰাকীক আঘাত কৰি হত্যা কৰে অভিযুক্তই।
এই ঘটনাটি ঘটিছে ১৭ মার্চত। জেটপুৰ তালুকৰ জেতলচৰ গাঁৱত সিদিনা নিজৰ ঘৰত ভায়েকৰ সৈতে আছিল যুৱতীগৰাকী। হঠাৎ ঘৰত উপস্থিত হয় জয়েশ। যুৱতীগৰাকীক টানি উলিয়াই আনি বিয়াৰ প্রস্তাৱ দিয়ে। তাক নাকচ কৰাৰ লগে লগে ছুৰীৰে ৩২বাৰ আঘাত কৰে যুৱতীগৰাকীক।
বায়েকক বচাবলৈ গৈ আহত হয় তেওঁৰ ভায়েকো। তেওঁকো ছুৰীৰে চাৰি-পাঁচবাৰ আঘাত কৰে জয়েসশে।ইয়াৰ পিছতেই উত্তেজনা বিয়পি পৰে অঞ্চলটোত।










