নিউজ ডেক্স:
অভিযান চলাই থকা অৱস্থাতে আৰক্ষীৰ কনভয়ত আক্রমণ চলালে এদল মাওবাদীয়ে। ছত্তীশগড়ৰ নাৰায়ণপুৰৰ ঘটনাত ছহিদ হৈছে প্ৰায় ৫জন আৰক্ষী। আহত আৰু ১৩জন।
জানিব পৰা মতে, আৰক্ষীৰ কনভয়টি অবুজমাড় জংঘলৰ মাজেদি যোৱাৰ সময়তে অতর্কিতে আক্ৰমণ চলায় এদল মাওবাদীয়ে। আইইডি বিস্ফোৰণ ঘটে। ফলত মৃত্যু হয় প্ৰায় ৫জনৰ। প্রশাসনৰ ধাৰণা, এই সংখ্যা আৰু বাঢ়িব পাৰে।
মঙ্গলবাৰে বস্তাৰৰ নাৰায়ণপুৰত অবুঝমাড় অৰণ্যত কনভয় লৈ অভিযান চলাইছিল আৰক্ষীয়ে। কনভয়ত আছিল মুঠ ২৪জন। তেওঁলোকৰ কনভয় আগুওৱাৰ পথত হঠাৎ আইইডি বিস্ফোৰণ ঘটে। ঘটনাৰ খবৰ লাভ কৰি বস্তাৰলৈ আৰক্ষী আয়ুক্ত, আইজি ৰাওনা হয়।










