![]()
নিউজ ডেস্কঃ
দেওবাৰে পুৱা পূর্ব নির্ধাৰিত প্রচাৰ কাৰ্যসূচী অনুযায়ী বংগৰ তৃণমূল কংগ্রেছৰ জলপাইগুৰি সদৰৰ প্রার্থী ডাঃ প্রদীপ কুমাৰ বার্মা জলপাইগুৰি ষ্টেচন বজাৰত। হঠাৎ পকেটৰ মোবাইল ফোনটো বাজি উঠিল। হেলো কোৱাৰ পিছত দুই-তিনি চেকেণ্ড স্তদ্ধ। তাৰ পিছতেই কয়, এতিয়াই গৈ আছোঁ। লগত থকা কর্মীসকল তেতিয়া কিছু উদ্বিগ্ন। কোনো সমস্যা? প্রার্থীজনে তেওঁলোকক আশ্বস্ত কৰে, তেনে একো নহয়। আধা ঘণ্টাৰ বাবে মই নাৰ্ছিংহোমলৈ যাব লাগিব।
ইয়াৰ পিছতেই ষ্টেচন বজাৰৰ পৰা অটোত উঠি চিধা বাবুপাড়াৰ নিজৰ নাৰ্ছিংহোমলৈ ৰাওনা হয়। ততালিকে সোমাই পৰে অপাৰেচন থিয়েটাৰত। অন্তঃসত্ত্বা ঋতুপর্ণা সোমৰায় নাগক লৈ তাত উপস্থিত হয় নাৰ্ছিংহোমৰ কৰ্মচাৰীসকল। তাৰ পিছত প্রার্থীগৰাকীয়ে দলীয় বেজ লগোৱা ছার্টটি ওটিৰ দৰ্জাত ওলোমাই থৈ এপ্রন পিন্ধি ভিতৰলৈ সোমাই যায়। ২০ মিনিট ২০ পিছত এটি পুত্র সন্তানক কোলাত লৈ যেতিয়া ওলাই আহে, তেতিয়া তেওঁৰ মুখত যুদ্ধজয়ৰ হাঁহি। মাতৃ-পুত্ৰ দুয়ো সুস্থ থকা বুলি কৈ পুনৰ নিজৰ পোছাক পিন্ধি ৰাজনীতিৰ ময়দানলৈ ৰাওনা হয়।










