স্বাস্থ্য প্ৰতিবেদন:
আপুনি জানেনে যে ভাতৰ মাৰ আমাৰ স্বাস্থ্যৰ পক্ষে কিমান উপকাৰী? ভাতৰ উপকাৰিতা বা অপকাৰিতা সম্পর্কে মোটামুটি ধাৰণা আমাৰ আছে৷ কিন্তু ভাতৰ মাৰ সম্পর্কে ধাৰণা খুব কম লোকৰহে আছে!
ভাতৰ মাৰ নিয়মিত খালে বিভিন্ন ৰোগৰ পৰা মুক্তি পাব পাৰে। ইয়াত ফাইবাৰ প্রচুৰ পৰিমাণে থাকে আৰু মেটাবলিজম বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি ই আমাৰ স্বাস্থ্যৰ আৰু বহু উপকাৰ কৰে।
ভাতৰ মাৰে উচ্চ ৰক্তচাপ নিয়ন্ত্রণত সহায় কৰে। ভাতত ছ’ডিয়ামৰ মাত্রা কম থাকে, যিটো উচ্চ ৰক্তচাপৰ ৰোগীসকলৰ বাবে অত্যন্ত প্রয়োজনীয়।
ক্লান্তি দূৰ কৰে
ভাতৰ মাৰত প্রচুৰ পৰিমাণে কার্বোহাইড্রেট পোৱা যায়। ই প্রতিদিনৰ কামৰ ক্লান্তি দূৰ কৰাত কার্যকৰী ভূমিকা পালন কৰে। ভাতৰ মাৰ খালে ক্লান্তি দূৰ হয় আৰু শক্তি বাঢ়ে।
বতৰৰ ৰোগৰ পৰা দূৰৈত ৰাখে
ভাতৰ মাৰে বিভিন্ন বতৰুৱা ৰোগৰ পৰা মুক্তি দিয়ে আৰু সংক্রমণৰ পৰা দূৰৈত ৰখাত সহায় কৰে। আপুনি যদি ক্রমাগত বতৰৰ ৰোগ যেনে চর্দি, জ্বৰ, কাহৰ সমস্যাত ভোগে তেন্তে নিয়মিত ভাতৰ মাৰ খাওক।
ডিহাইড্রেচনৰ পৰা মুক্তি
বহুতেই গৰমৰ সময়ত ডিহাইড্রেচনৰ সমস্যাত ভোগে। গ্রীষ্মকালত ঘামৰ মাধ্যমেৰে তৰল পদার্থ বাহিৰ ওলাই যায়৷ যাৰ কাৰণে ডিহাইড্রেচনৰ সমস্যাই দেখা দিয়ে। ভাতৰ মাৰে এই সমস্যাৰ পৰা মুক্তি দিব পাৰে।
পাচনতন্ত্রক ঠিকে ৰাখে
ভাতৰ মাৰে পাচনতন্ত্রক ঠিকে ৰখাৰ লগতে কোষ্ঠকাঠিন্য, পেটৰ বিষৰ সমস্যাৰ পৰা মুক্তি দিয়ে। ই মেটাবলিজমৰ হাৰ বৃদ্ধিৰ ক্ষেত্রতো কার্যকৰী। সেয়ে আপুনি আপোনাৰ প্রতিদিনৰ ডায়েটত ভাতৰ মাৰ অন্তর্ভুক্ত কৰিব পাৰে।














