![]()
নিউজ ডেস্কঃ
তথ্য প্রযুক্তি মন্ত্রালয়ৰ হৈ ৰবি শঙ্কৰ প্রসাদে ৰাজ্যসভাত জনালে ভাৰতে নিজস্ব এপ্ ষ্টোৰ মুকলি কৰিবলৈ আগবাঢ়িছে। এই এপ্টোৰ নাম ‘Mobile Seva App Store।
উক্ত দিনাই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ক’লে, আত্মনির্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত এটা অন্যতম পদক্ষেপ। এই এপ্ ষ্টোৰৰ ব্যৱহাৰ বঢ়াব লাগিব দেশ জুৰি।

‘Mobile Seva App Store আৰম্ভ হ’লে মার্কিন যুক্তৰাষ্ট্রৰ Google আৰু Appleৰ ওপৰত ভৰসা কৰিব লগা নহ’ব বুলি আশা কৰিছে মন্ত্রালয়ে।
Mobile Seva App Store কেৱল মাত্ৰ ভাৰতীয়সকলক উদ্দেশ্য কৰিয়েই প্ৰস্তুত কৰা হৈছে।

মন্ত্রী ৰবিশঙ্কৰ প্রসাদে ৰাজ্যসভাত কয় যে, গুগ্ল আৰু এপ্লৰ উপভোগৰ আধিপত্য প্রতিৰোধৰ বিকল্প হিচাপে প্রযুক্তিবিদসকলে এইটো এপ্ লৈ আহিছে।
বৰ্তমান Mobile Seva Appstoreৰ পৰা পোৱা যাব ৯৬৫টা এপ্। পৰৱর্তীকালত অধিক এপ্ সংযুক্ত হ’ব। কেন্দ্রৰ চৰকাৰী ৱেবচাইটৰপৰা Mobile Seva Appstore ডাউনলোড কৰিব পাৰিব।










