![]()
নিউজ ডেস্কঃ
আহমেদাবাদত এগৰাকী নাৰ্ছে এক অনাকাংক্ষিত অভিজ্ঞতা সন্মুখীন হ’বলগা হ’ল। সেয়াও আকৌ নিজৰ স্বামীৰ পৰাই। নাৰ্ছগৰাকী কৰোনা আক্রান্ত হৈছিল। কিন্তু ভাল হৈ উঠাৰ পিছতো তেওঁক ঘৰলৈ উভতাই নিবলৈ ৰাজী নহ’ল তেওঁৰ স্বামী। চর্ত ৰখা হয়, ১০ লাখ টকা দিলেহে স্বামীগৃহলৈ ঘূৰি যাব পাৰিব নাৰ্ছ। বাৰম্বাৰ আলোচনাৰ পিছতো বিষয়টি নিষ্পত্তি নহয়। অৱশেষত উপায়ন্তৰ হৈ থানাত অভিযোগ কৰে নাৰ্ছগৰাকীয়ে।
জানিব পৰা মতে, ২৭ বছৰীয়া নাৰ্ছগৰাকী আহমেদাবাদৰ ইছানপুৰৰ বাসিন্দা। তেওঁ মণিনগৰত এলজি হস্পিটেলত নাৰ্ছৰ কাম কৰে। দেশজুৰি কৰোনাই অতিমাৰীৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে যোৱা বছৰ ২৪ ফেব্রুৱাৰীত তেওঁ খোখৰা এলেকাৰ এজন ব্যক্তিৰ সৈতে বিয়াত বহে। এপ্রিল মাহত তেওঁৰ কৰোনা ধৰা পৰে। কিন্তু সেই অৱস্থাতো তেওঁ তেওঁৰ স্বামী বা স্বামীগৃহৰ লোকক ওচৰত পোৱা নাছিল।
নাৰ্ছগৰাকীয়ে শনিবাৰে আহমেদাবাদৰ খোখৰা থানাত এটি অভিযোগ দাখিল কৰে। তাত তেওঁ অভিযোগ কৰে যে ২০২০ চনৰ এপ্রিলত কৰোনা আক্রান্ত হোৱাৰ পিছত তেওঁৰ স্বামীয়ে তেওঁক এক প্রকাৰ ত্যাগ কৰে। আনকি বিয়াৰ পিছৰ পৰাই তেওঁৰ স্বামী আৰু ঘৰৰ লোকসকলে তেওঁক নির্যাতন কৰি থাকে। আনকি কৰোনাৰ প্রকাপ আৰম্ভ হোৱাৰ পিছত তেওঁৰ স্বামীগৃহৰ লোকসকলে তেওঁক নাৰ্ছৰ চাকৰি এৰি দিবলৈ হেঁচা প্ৰয়োগ কৰি
এপ্রিলত কৰোনা আক্রান্ত হোৱাৰ পিছত নাৰ্ছগৰাকীক আৰু ঘৰলৈ নিবলৈ নিবিচাৰে তেওঁৰ স্বামীয়ে। কিন্তু চর্ত দিয়া হয়, পিতৃগৃহৰ পৰা যদি ১০ লক্ষ টকা লৈ আহে তেতিয়াহে তেওঁক স্বামীগৃহত থাকিবলৈ দিয়া হ’ব।










