![]()
নিউজ ডেস্কঃ
অহা বছৰ অর্থাৎ ২০২২ত অনুষ্ঠিত হ’ব উত্তৰ প্রদেশ বিধানসভা নির্বাচন। আসন্ন এই নির্বাচনত উত্তৰ প্রদেশত কোন দলে চৰকাৰ গঠন কৰিব তাক লৈ চলিত বছৰত কৰা চি-ভোটাৰৰ সমীক্ষাত ওলাইছে চাঞ্চল্যকৰ তথ্য। উক্ত ৰিপোর্টত নিৰ্বাচনত কোন দল জয়ী হ’ব, আসন কিমান পাব পাৰে দাঙি ধৰা হৈছে৷ ইয়াৰ লগতে আৰু এটি চাঞ্চল্যকৰ প্রশ্নৰ উত্তৰত ৰাজ্যখনৰ বাসিন্দাসকলে যি উত্তৰ দিছে, তাৰ পৰা মোদীৰ পৰৱর্তী প্রধানমন্ত্রীৰ আসন যোগী আদিত্যনাথৰ বাবে প্রায় ৫০ শতাংশ খাটাং।
চি ভোটাৰৰ সমীক্ষাত প্রশ্নটো আছিল মোদীৰ পিছত প্রধানমন্ত্ৰীৰ আসনত যোগী আদিত্যনাথ কিমান যোগ্য ?
উক্ত প্রশ্নৰ উত্তৰত ৰাজ্যখনৰ বাসিন্দাসকলৰ ৫০ শতাংশই যোগীক প্রধানমন্ত্রী হিচাবে যোগ্য বুলি ভাবে। আৰু ৩৭ শতাংশৰ বাবে যোগ্য নহয়। বাকী ১৩ শতাংশই এই বিষয়ত নিজৰ মতামত প্রদান কৰা নাই।
চি-ভোটাৰৰ সমীক্ষাৰ মুখ্য বিষয় আছিল ২০২২ৰ বিধানসভা নির্বাচনত উত্তৰ প্রদেশৰ মচনদত কোন দল বহিব? সমীক্ষাটোৰ ৰিপোর্টে দেখুৱাইছে, ২৮৪-২৯৪খন আসন পাব পাৰে যোগী আদিত্যনাথৰ চৰকাৰে। সমাজবাদী পার্টিয়ে পাব পাৰে ৫৪-৬৪খন আসন, বহুজন সমাজ পার্টিয়ে ৩৩-৪৩খন আসন আৰু কংগ্রেছে ১-৭খন আসন আৰু অন্যান্যই ১০-১৬খন আসন পাব বুলি অনুমান কৰা হৈছে।
৪০৩ সদস্যৰ উত্তৰ প্ৰদেশ বিধানসভাৰ সকলোতে ১৫ হাজাৰ ৭৪৭ জনৰ ওপৰত সমীক্ষা চলাই চি-ভোটাৰে তেওঁলোকৰ এই ৰিপোর্ট দাখিল কৰিছে।










