![]()
নিউজ ডেস্কঃ
দিল্লী-ডেৰাডুন শতাব্দী এক্সপ্রেছত জুই লগাৰ ঘটনাৰ পিছত যথেষ্ট কঠোৰ হৈছে ভাৰতীয় ৰে’ল কর্তৃপক্ষ। তদন্তত জানিব পৰা গৈছে, চিগাৰেট বা বিড়িৰ জুইৰ পৰাই ৰে’লৰ দবাত অগ্নিসংযোগ হয়। এই ঘটনাৰ পৰা শিক্ষা লৈয়েই এইবাৰ ৰে’লৰ ভিতৰত ধূমপান বন্ধ কৰিবলৈ মোটা অঙ্কৰ জৰিমনা ধার্য কৰিবলৈ আগবাঢ়িছে ভাৰতীয় ৰে’ল।
উক্ত ঘটনাৰ পিছতে ৰে’লৱে বোর্ডৰ সদস্য আৰু মাণ্ডলিক জেনেৰেল মেনেজাৰসকলৰ সৈতে বৈঠকত বহে ৰে’লমন্ত্রী পীযূষ গোৱেল। তেওঁ স্পষ্ট ভাষাত জনাই দিয়ে, ৰে’লৰ ভিতৰত ধূমপান এৰাবলৈ কঠোৰ পদক্ষেপ ল’ব লাগিব।
ৰে’লৱে আইনৰ ১৭৬ ধাৰাত ৰে’লৰ ভিতৰত ধূমপান কৰিলে ১০০ টকা পর্যন্ত জৰিমনাৰ নির্দেশ দিয়া আছে। এইবাৰ সেই আইনৰ কিছু পৰিবর্তন ঘটাই জৰিমনাৰ পৰিমাণ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰে’ল কর্তৃপক্ষই। ৰে’লৰ ভিতৰত ধূমপান বন্ধ কৰিবলৈ এইবাৰ এই কঠোৰ পদক্ষেপ ল’বলৈ আগবাঢ়িছে ৰে’লৱে কর্তৃপক্ষ।
ৰে’লৰ ভিতৰত ধূমপান কৰিলে কেৱল জৰিমনাই নহয়, প্রাণহানিৰ চেষ্টা আৰু সম্পত্তি নষ্টৰ অভিযোগত জে’লো হ’ব পাৰে যাত্রীৰ।










