![]()
নিউজ ডেস্কঃ
মহামাৰী কৰোনা ভাইৰাচৰ সংক্রমণ ৰুধিবলৈ পাকিস্তানৰ অসামৰিক বিমান কর্তৃপক্ষই ১২খন দেশত ভ্রমণৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। দক্ষিণ আফ্রিকা আৰু ব্রাজিলত পোৱা কৰোনাৰ নতুন প্ৰজাতি সম্প্রতি পাকিস্তানত বিয়পি পৰাত এই পদক্ষেপ গ্ৰহণ কৰে পাকিস্তানে।
পাকিস্তানৰ সংবাদ মাধ্যম ‘দ্য ডন’ত এই খবৰ প্ৰকাশ। এই ক্ষেত্রত বিভিন্ন দেশক এ, বি আৰু চি কেটেগৰিত ৰখা হৈছে। কেটেগৰি চিত তালিকাভুক্ত ১২খন দেশত ভ্রমণ নিষেধাজ্ঞাৰ লগতে উক্ত দেশবোৰৰ পৰা পাকিস্তানলৈ ভ্রমণো নিষিদ্ধ কৰা হৈছে। ২৩ মার্চৰ পৰা ৫ এপ্রিল পর্যন্ত এই নিষেধাজ্ঞা কার্যকৰী হৈ থাকিব।
বিভাগটোৰ এগৰাকী মুখপাত্রই জনোৱা মতে, মাৰ্কিন যুক্তৰাষ্ট্ৰক কেটেগৰি চিৰ পৰা বিলৈ স্থানান্তৰ কৰা হৈছে।
কেটেগৰি এৰ দেশবোৰ হ’ল- অষ্ট্ৰেলিয়া, ভূটান, চীন, ফিজি, জাপান, কাজাখস্তান, লাওছ, মঙ্গোলিয়া, মৌৰিতানিয়া, মৰক্কো, ম্যানমাৰ, নেপাল, নিউজিলেণ্ড, চৌডি আৰব, ছিঙ্গাপুৰ, দক্ষিণ কোৰিয়া, শ্রীলঙ্কা, তাজিকিস্তান, ত্রিনিদাদ আৰু টবাগো আৰু ভিয়েটনাম।
চি কেটেগৰিত অর্থাৎ সম্পূর্ণ নিষেধাজ্ঞাত থকা দেশবোৰ হ’ল- বটছোৱানা, ব্রাজিল, কলম্বিয়া, কমোৰোছ, ঘানা, কেনিয়া, মোজাম্বিক, পেৰু, ৰুৱান্ডা, দক্ষিণ আফ্রিকা, তানজানিয়া আৰু জাম্বিয়া। এ বা চি কেটেগৰিত নথকা দেশবোৰ বিত থাকিব।










