![]()
নিউজ ডেস্কঃ
তেতিয়া ভাৰতত কৰোনা সংক্রমণ সকলোতে হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে তেতিয়াও অধিকাংশ দেশবাসীৰ এই অতিমাৰিৰ প্রভাৱ সম্পর্কে বিশেষ ধাৰণা নাছিল। আর ঠিক সেই সময়ত ২০২০ চনৰ ২১ মার্চৰ সন্ধ্যা দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘোষণা কৰে, ২২ মার্চত ‘জনতা কাৰ্ফিউ’ পালন কৰা হ’ব। সেই ‘জনতা কাৰ্ফিউ’ ঘোষণাৰ এবছৰ পূর্ণ হ’ল আজি সোমবাৰে। কিন্তু এবছৰ পিছত পুনৰ ঠিক সেই আগৰ পৰিস্থিতিয়ে দেখা দিছে। পুনৰ নতুনকৈ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে সংক্রমণ। চিন্তা বাঢ়িছে প্রশাসনৰ।
যোৱা বছৰ ২১ মার্চত নিজৰ ঘোষণাত প্রধানমন্ত্রীয়ে জনাইছিল, ২২ মার্চত পুৱা ৭টাৰ পৰা নিশা ৯টা পর্যন্ত খুব জৰুৰী কাম অবিহনে কোনেও যেন ঘৰৰ বাহিৰলৈ নোলায়। তেতিয়াও দেশৰ মানুহে বুজিব পৰা নাছিল তাৰ দুদিন পিছতেই যে দেশজুৰি লকডাউন ঘোষণা কৰিব মোদীয়ে।
‘জনতা কাৰ্ফিউ’ৰ দিনা বিয়লি ৫ বজাত কৰোনা যোদ্ধাসকলৰ সন্মানত কাঁহী, বাটি, ঘণ্টা বজোৱাৰ আবেদন কৰে মোদীয়ে। বিয়লি দেখা গৈছিল সমগ্ৰ দেশে বিপুল উৎসাহত প্রধানমন্ত্রীৰ আবেদনক সঁহাৰি জনাইছে। বহুতে আকৌ দল বান্ধি কাঁহী, ঘণ্টা বজাই বজাই ৰাস্তালৈ ওলাই অহাত বিতর্কৰো সৃষ্টি হয়।
‘জনতা কাৰ্ফিউ’ৰ পিছত ২৫ মার্চৰ পৰা লকডাউন আৰম্ভ হোৱাৰ পিছতেই দেখা যায় ক্রমাগত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে সংক্রমণ। যিমানে দিন আগবাঢ়ে আক্রান্তৰ সংখ্যাও বৃদ্ধি পাই গৈ থাকে। কেৱল জৰুৰী সেৱাৰ বাহিৰে সকলো ধৰণৰ পৰিবহণ বন্ধ কৰি দিয়া হয়। ৰে’ল, বাছসেৱা বন্ধ হৈ যোৱাত সমস্যাত পৰে হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্রমিক। দেশত আৰম্ভ হয় নতুন এক অধ্যায়।










