ASSAM TIMES POST
গুৱাহাটীঃ শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশক লৈ সম্ভাৱ্য আইন-শৃংখলাজনিত পৰিস্থিতি মোকাবিলা কৰিবলৈ সষ্টম হৈছে অসম আৰক্ষী। শুকুৰবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ সদৰত এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে ডিজিপি কুলধৰ শইকীয়াই।
তেওঁ কয় যে ইয়াৰ বাবেই পূৰ্বে থকা ১৬৪টা কোম্পানীৰ উপৰিও কেন্দ্ৰৰ ফালৰপৰা সামৰিক বাহিনীৰ ৫১টা কোম্পানী নতুনকৈ প্ৰেৰণ কৰিছে। এনআৰচিক লৈ সামাজিক মাধ্যমত উৰাবাতৰি, বিভ্ৰান্তিকৰ তথ্য বিয়পাওঁতাক কঠোৰ হাতেৰে দমন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ কয় যে ছ’চিয়েল মিডিয়াত এনআৰচি কেন্দ্ৰিক যিকোনো উৰা-বাতৰি বিয়পালে তেনে দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি দিবলৈ আৰক্ষী সাজু হৈ আছে।
তাৰ বাবে ছ’চিয়েল মিডিয়াত অসম আৰক্ষীয়ে শেনচকু ৰাখিছে। তদুপৰি ছ’চিয়েল মিডিয়াত উৰাবাতৰি বিয়পোৱা লোকক প্ৰত্যক্ষ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ সকলোকে আহ্বান জনাই তেওঁ।













