![]()
নিউজ ডেস্কঃ
আইফোন-১২ৰ লগত চার্জিং এডাপ্টৰ নিদিয়াৰ বাবে ব্রাজিলত ২০ লাখ ডলাৰ জৰিমনা বিহা হ’ল এপ’ল কোম্পানীক। প্রোকন-এছপি নামৰ দেশখনৰ গ্ৰাহক সুৰক্ষা এজেন্সিয়ে এই জৰিমনা ধার্য কৰিছে। ভুলকৈ বুজোৱা বিজ্ঞাপন, চার্জাৰ অবিহনে ফোন বিক্ৰী আৰু অন্যায় নীতিৰ অপৰাধৰ অভিযোগ অনা হৈছে এপ’লৰ বিৰুদ্ধে।
প্রোকনৰ দাবী, এপ’ল কোম্পানীৰ পৰা তেওঁলোকে জানিবলৈ বিচাৰিছিল, চার্জাৰ নিদিলে ফোনৰ মূল্য কমিবনে নাই। চার্জাৰ অবিহনে কিমান দাম, চার্জাৰৰ সৈতে কিমান সেয়াও জানিবলৈ বিচৰা হৈছিল। কিন্তু কোনো প্রশ্নৰেই উত্তৰ লাভ কৰা হোৱা নাই।
চার্জাৰৰ উপৰি আন এক প্রসঙ্গও উত্থাপন কৰিছে প্রোকনে। সংস্থাটোৰ দাবী, আইফোন-১১ ব্যৱহাৰকাৰীসকলৰ বহুতেই অভিযোগ কৰিছে, পানী সোমোৱাৰ সমস্যাত ফোন ছাৰ্ভিচিং কৰা নাই এপ’লে। আপডেট কৰাৰ পিছত বহু সমস্যাইও দেখা দিয়ে। তাক লৈও কোনো সহায় নকৰা বুলি অভিযোগ।
প্রোকনৰ এক্সিকিউটিভ ডিৰেক্টৰ ফার্নাণ্ডো কাপেজে কয়, ‘এপ’লক বুজাব লাগিব, ব্রাজিলত গ্ৰাহক সুৰক্ষা সম্পৰ্কীয় আইন-কানুন অতি কঠোৰ। সেইবোৰ আইন মানিব লাগিব।’










