![]()
নিউজ ডেস্কঃ
দেশজুৰি হোৰাহোৰে কৰোনা সংক্রমণ বৃদ্ধিৰ পিছতো কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষ বর্ধনে কৈছে, সকলোৱে টীকা লোৱাৰ প্রয়োজন নাই।
দেশৰ সকলোৰে টীকাকৰণ হ’বনে নাই এই প্ৰশ্ন স্বাস্থ্য মন্ত্ৰালয়ৰ ওচৰত উত্থাপন কৰিছিল এনচিপি সাংসদ সুপ্রিয়া চুলেই। উত্তৰত স্বাস্থ্যমন্ত্রীয়ে কয়, সকলোকে টীকা দিয়াৰ কোনো পৰিকল্পনা লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। টীকাৰ অভাৱ বা আন্তঃগাঁথনিৰ অভাৱ নহয়, বৈজ্ঞানিক কাৰণতেই এই সিদ্ধান্ত লোৱা বুলি জনায় হর্ষ বর্ধনে। তেওঁৰ মতে, দেশৰ ৬০-৭০ শতাংশৰ টীকাকৰণ হ’লেই যথেষ্ট। তেওঁলোকৰ শৰীৰত যদি কৰোনাৰ এন্টিবডি সৃষ্টি হয় তেতিয়া আৰু ক্ষতি কৰিব নোৱাৰে কৰোনা ভাইৰাছে।










