ASSAM TIMES POST
গুৱাহাটীঃ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত শনিবাৰে পুৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পাব। শনিবাৰে পুৱা ১০ বজাৰ লগে লগে এনআৰচিৰ ৱেবচাইট তথা ৰাজ্যৰ প্ৰতিটো নাগৰিক পঞ্জী সেৱা কেন্দ্ৰ, চক্ৰ বিষয়াৰ কাৰ্যালয়, উপায়ুক্তৰ কাৰ্যালয়ত ই উপলব্ধ হ’ব। মন কৰিবলগীয়া যে শনিবাৰে প্ৰকাশ পাবলগীয়া এনআৰচিখনক সংশ্লিষ্ট কাৰ্যালয়ে সংশোধনী অন্তৰ্ভুক্তিৰ তালিকা আখ্যা দিছে।
ঐতিহাসিক অসম আন্দোলনৰ পৰিসমাপ্তিত স্বাক্ষৰ হোৱা অসম চুক্তি অনুসৰিয়েই শনিবাৰে ৰাজ্যই এখন উন্নীত এনআৰচি লাভ কৰিব। বিভিন্ন ঘটনা প্ৰৱাহৰ মাজেদি শনিবাৰে ১৯৭১ চনৰ ভিত্তিত এনআৰচি প্ৰকাশ পাব। পূৰ্বৰ এনআৰচিখন আছিল ১৯৫১ চনৰ ভিত্তিত।
১৯৭৯ চনৰপৰা আৰম্ভ হোৱা বিদেশী বহিষ্কাৰ আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল ১৯৮৫ চনৰ ১৫ আগষ্টত অসম চুক্তিত স্বাক্ষৰৰ জৰিয়তে। যদিও চুক্তিত স্বাক্ষৰ হৈছিল, তথাপিতো কিন্তু ৰাজ্যখনৰ অবৈধ নাগৰিকৰ বিৰুদ্ধে কোনো ব্যৱস্থাই হাতত লোৱা হোৱা নাছিল। এনেদৰে প্ৰায় ৮ বছৰ গ’ল। ২০০৫ চনৰ ৫ মে’ত উক্ত সমস্যা সমাধানৰ কাৰণে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ইয়াতে এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কিন্তু ইয়াৰ পাছতো এনআৰচি উন্নীতকৰণত বিশেষ আগবঢ়া দেখা নগ’ল সংশ্লিষ্ট কৰ্তৃপক্ষক।
২০০৯ চনৰ ২০ জুলাইত আছাম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৱে এনআৰচি উন্নীতকৰণৰ দাবীৰে সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন জনাইছিল। ইয়াৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা সাপেক্ষে ২০১০ চনৰ জুলাইত ছয়গাঁও আৰু বৰপেটা ৰাজহ চক্ৰত পাইলট প্ৰজেক্ট হিচাপে এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হৈছিল। কিন্তু ইয়াতে সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত পাইলট প্ৰজেক্ট বন্ধ হৈ পৰে। ইয়াৰ পাছত ২০১৩ চনত উচ্চতম ন্যায়ালয়ত এনআৰচি সম্পৰ্কীয় শুনানি আৰম্ভ হয়। ২০১৫ চনত অসম চুক্তিৰ ভিত্তিবৰ্ষ অনুসৰি এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হয়। ইয়াৰ পাছতে ২০১৭ চনৰ ৩১ ডিচেম্বৰত এনআৰচিৰ আংশিক খচৰা, ২০১৮ চনৰ ৩০ জুলাইত পূৰ্ণাংগ খচৰা, চলিত বৰ্ষৰ ২৬ জুনত অতিৰিক্ত খচৰাৰ পাছত শনিবাৰে চূড়ান্ত এনআৰচি প্ৰকাশ পাব।