ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামস্থিত ৱাইচং ইণ্ডোৰষ্টেডিয়ামত ২৮ আগষ্টৰে পৰা অনুস্থিত হোৱা তৃতীয় সংখ্যক কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলং জিলাৰ আন্তঃ কলেজীয়া কাৰ্বি ছাত্ৰ-ছাত্ৰীৰ কাৰ্বি ৰীতি-নীতিৰ সাংস্কৃতিক প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে ৷
তিনিদিনীয়াকৈ অনুস্থিত হোৱা এনে এক বৰ্ণীল কাৰ্যসূচীয়ে সমগ্ৰ জিলাখনতে এক উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি কৰে ৷ এই তিনিদিনীয়া কাৰ্যসুচীত কাৰ্বি যুৱক-যুৱতী সকলে নিজৰ নিজৰ প্ৰতিভাৰে জনগোষ্ঠীটোৰ কলা-সংস্কৃতিৰ নাচ-গান, খেল – হাম্বী কেপাথু , কেংদংদাং কেদাম, নিমচ’ কেৰুং, হাচা কেকান, ৰিত্ নং চিংদি, আদি গীত-নাচ আৰু খেলেৰে প্ৰতিযোগিতা অনুস্থিত হয় ।
প্ৰতিযোগিতা সমূহে সমবেত ৰাইজক আপ্লুত কৰি তোলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত এক ভাতৃত্ববোধৰ পৰিচয় বিশেষ ভাৱে গঢ় লৈ উঠে ৷ উল্লেখ্য যে এই প্ৰতিযোগিতাত দুই পাৰ্বত্য জিলাৰ আটাইকেই খন কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷
প্ৰতিযোগিতাৰ আজিৰ সামৰণি অনুস্থানত কাৰ্বিপৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলি ৰাম ৰংহাং,৩নং ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’ আৰু স্থানীয় বিধায়ক ডা: মানছিং ৰংপিও উপস্থিত থাকে ।