স্বাস্থ্য প্ৰতিবেদন:
আমলখি ঔষধি গুণেৰে ভৰপূৰ এবিধ ফল। আয়ুর্বেদ চিকিৎসাত এই ফলৰ বিভিন্ন ব্যৱহাৰ চকুত পৰে। চুলিৰ বৃদ্ধি, ৰুক্ষতা কমোৱা, ছালৰ উজ্জ্বলতা বঢ়াবলৈ, পেটৰ সমস্যা দূৰ কৰিবলৈ, শৰীৰত সতেজ ভাব ঘূৰাই আনিবলৈ আমলখিৰ বিকল্প নাই।
শীতকালত বহুতৰেই চর্দি-কাহৰ প্রবণতা বাঢ়ে। এনে সময়ত আমলখি খালে এই ধৰণৰ সমস্যাৰ পৰা ৰক্ষা পোৱা যায়। ইয়াৰ উপৰি শীতৰ সময়ত আমলখি খালে অন্যান্য কেতবোৰ উপকাৰো পোৱা যায়৷
ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে :
আমলখিত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট উপাদান থকাত বিপাকৰ ক্ৰিয়াৰ হাৰ বৃদ্ধিত সহায় কৰে। ভাইৰেল আৰু বেক্টেৰিয়াৰ আক্রমণৰ বাবে চর্দি-কাহৰ সৈতে যুঁজাত সহায় কৰে এইবোৰ উপাদানে। তাৰ লগতে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিতো ভূমিকা ৰাখে।
ডায়েবেটিছ নিয়ন্ত্রণত ৰাখে :
প্রচুৰ পৰিমাণে ক্রোমিয়াম থকাৰ বাবে আমলখিয়ে ডায়েবেটিছ নিয়ন্ত্রণত সহায় কৰে। সেয়ে নিয়মিত ঔষধৰ লগতে প্ৰতিদিনৰ খাদ্য তালিকাত এই ফলটি ৰাখিব পাৰে।
ভিটামিন চিৰে ভৰপূৰ :
কমলাতকৈ আঠ গুণ বেছি ভিটামিন চি আছে আমলখিত। ইয়াৰ উপৰি বেদানাতকৈ ১৭ গুণ বেছি এন্টিঅক্সিডেন্ট উপাদান পোৱা যায় এইবিধ ফলত। এক গিলাচ পানীত দুই চামুচ আমলখিৰ গুড়ি, দুই চামুচ মৌ দি খালে চর্দি-কাহত আৰাম পোৱা যায়। যিসকলে শীতত এই সমস্যাত বেছিকৈ ভোগে তেওঁলোকে দিনত তিনি-চাৰিবাৰ এই মিশ্রণটি খাব পাৰে।
চুলি আৰু ছালৰ স্বাস্থ্য মজবুত কৰি ৰাখে :
অসময়ত চুলি পকা ৰোধ কৰাত সহায় কৰে আমলখিয়ে। ইয়াৰ উপৰি চুলিৰ গুৰি মজবুত কৰিবলৈ, উফি দূৰ কৰিবলৈ আৰু ছালৰ সমস্যা কমোৱাতো সহায় কৰে আমলখিয়ে।
হজম শক্তি বঢ়ায় :
আমলখিয়ে বিপাক ক্ৰিয়াত সহায় কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে। বদ হজম আৰু এচিডিটিতো অতি কামত দিয়ে এই ফলবিধ।













