![]()
নিউজ ডেস্কঃ
পাঁচ সন্তানৰ পিতৃ। বয়স ৬০ বছৰ। চাৰি বছৰ পূৰ্বে পত্নীৰ মৃত্যু হৈছে। বৃদ্ধৰ ইচ্ছা, দ্বিতীয়বাৰ বিয়াত বহিব। কিন্তু বাধা দিছে সন্তানে। সেয়ে নাচোৰবান্দা বৃদ্ধ উঠিল বিদ্যুতৰ খুঁটাত। আত্মহত্যাৰ ভাবুকি দিলে পৰিয়ালৰ সদস্যসকলক।
ঘটনাটি ঘটিছে দেওবাৰে ৰাজস্থানৰ ঢোলপুৰ জিলাত। ১১ হাজাৰ ভ’ল্টৰ বিদ্যুতৰ খুঁটাত বৃদ্ধ উঠাত হতচকিত হৈ পৰে পৰিয়ালৰ সদস্যসকল। ঘটনাৰ কথা জানিব পাৰি তেওঁলোকে খবৰ দিয়ে মাধা ভাউ বিজলি উপ আৰক্ষী থানাত। দ্রুততাৰে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয়। ছোবৰান সিং নামৰ মানুহজনৰ এই কাণ্ড চাবলৈ উপস্থিত হয় অসংখ্য লোক। প্রত্যেকেই ছোবৰানক নামি অহাৰ কথা কয়। বহু কাবৌ-মিনতিৰ পিছত অৱশেষত যেনিবা বিদ্যুতৰ খুঁটাৰ পৰা নামি আহে ছোবৰান।
জানিব পৰা মতে, ছোবৰানৰ তিনিটা পুত্ৰ আৰু দুগৰাকী ছোৱালী। তেওঁলোকৰ বিয়া হৈ গৈছে। সন্তানো আছে। কিছুদিন ধৰি দ্বিতীয় বিবাবহৰ বাবে এক প্ৰকাৰ পাগল হৈ উঠে ছোবৰান। কিন্তু তেওঁৰ সন্তান, নাতি-নাতিনীহঁতে আপত্তি জনাইছিল। দেওবাৰেও পৰিয়ালৰ লোকৰ সৈতে তুমুল তর্ক হয়। ইয়াৰ পিছতেই আত্মহত্যা কৰিবলৈ বুলি ১১ হাজাৰ ভ’ল্টৰ বিদ্যুতৰ খুঁটাত উঠে।










