ASSAM TIMES POST
গুৱাহাটীঃ ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰিৰে কংগ্ৰেছে অৰ্থনীতি ধ্বংস কৰিলে বুলি বৃহস্পতিবাৰে কয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছৰ কাৰ্যকালত অৰ্থনীতিত আকাশলংঘী মূল্যবৃদ্ধিৰে মুদ্ৰাস্ফীতি দুটা অংকৰ হৈ পৰিছিল। কংগ্ৰেছে বৰ্তমান দেশৰ অৰ্থনীতিক ‘আনফিট’ বুলি কোৱাৰ প্ৰসংগত তেওঁ কয় যে বিৰোধী দলে অৰ্থনীতি ‘ফিট’ নে ‘আনফিট’ সেয়া ক’ব নালাগে। সীতাৰমণে কয়, ‘কয়লা, ২জি আদি এটাৰ পাছত আন এটা কেলেংকাৰি সংঘটিত হৈছিল।
তেওঁলোকে দেশত দুৰ্নীতিৰ পোহাৰ মেলিছিল আৰু ৰাজহুৱা সম্পত্তিৰ শৰাধ কৰিছিল।’ তেওঁ অভিযোগ কৰি কয় যে কংগ্ৰেছে দুৰ্নীতি নিয়ন্ত্ৰণ কৰা নাছিল আৰু সকলোতে দুৰ্নীতি হৈছিল। তেওঁলোকৰ কাৰ্যকালত দুৰ্নীতি অবিহনে এটাও কাম নহৈছিল। ‘মুদ্ৰাস্ফীতিয়ে সাধাৰণ লোকক ক্ষতিগ্ৰস্ত কৰিছিল। আকাশ, পৃথিৱী সকলোতে দুৰ্নীতি হৈছিল।’, তেওঁ কয়। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয় যে ২০১৪ আৰু ২০১৯ চনৰ নিৰ্বাচনত তেওঁলোকৰ পৰাজয়ৰপৰা বিৰোধী দলটোৱে একো শিক্ষা গ্ৰহণ নকৰিলে। ‘বদ অভ্যাসৰ কাৰণে, তেওঁলোক পৰাস্ত হৈছে।
ভাৰতৰ জনসাধাৰণে তেওঁলোকক লৈ কি ভাৱে তাকেই তেওঁলোকক কৈছে। মই কংগ্ৰেছ দলক অনুশোচনা কৰিবলৈ আহ্বান জনাইছো।’ সীতাৰমণে কয়। অৰ্থনীতিৰ নিম্নমুখী যাত্ৰা সন্দৰ্ভত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে উদ্যোগক গতি প্ৰদান কৰিবলৈ চৰকাৰে অনাগত দিনসমূহত দুটা ডাঙৰ পদক্ষেপৰ কথা ঘোষণা কৰিব। ‘বিশ্বজনীনভাৱে যদি আমি অৰ্থনীতি আৰু বিকাশক তুলনা কৰো, আমি তেতিয়াও দ্ৰুত বিকাশশীল অৰ্থনীতি।
যেতিয়া এই প্ৰসংগটোত উদ্যোগৰ কথা কোৱা হয়, আমি ভোগত বাধা হ’ব বুলি প্ৰতিপন্ন কৰিব পাৰো।’, তেওঁ কয়। অৰ্থনীতিক আগুৱাই নিবলৈ ‘নিৰ্মাণ খণ্ডত বহনক্ষম ব্যয়’ৰ জৰিয়তে ৰাজহুৱা ব্যয় বৃদ্ধিৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে বুলি সীতাৰমণে কয়। তদুপৰি তেওঁ জনাই যে অহা ৩০ দিনৰ ভিতৰত লাভ নকৰা সকলো জিএছটি গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক কোৱা হৈছে। ইফালে অনাগত দিনত এনে সকলো পুঁজি ৬০ দিনৰ ভিতৰত মুকলি কৰি দিবলৈ কোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে অট’ম’বাইল ক্ষেত্ৰখনত হোৱা মন্দাৱস্থাৰ পৰিত্ৰাণৰ নিমিত্তে চৰকাৰে সুদূৰপ্ৰসাৰী ব্যৱস্থা হাতত লৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰপৰা লাভ কৰা ১.৭৬ লাখ কোটি টকাৰ ব্যৱহাৰৰ বাবে চৰকাৰৰ পৰিকল্পনা সম্পৰ্কত সোধোতে সীতাৰমণে এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি কয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সীতাৰমণে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগ-লাগি কৰ বিভাগ আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন আলোচনাত মিলিত হয়। ‘প্ৰধানমন্ত্ৰীৰ বক্তব্যৰেই আমি কওঁ যে কৰ কৰ্তৃপক্ষ বলবতকাৰী হোৱাৰ পৰিৱৰ্তে সহায়কাৰী হোৱা উচিত। উদ্যোগো সহায়কাৰী হোৱা উচিত। উদ্যোগীসকল শ্ৰদ্ধাশীল হোৱা উচিত।’, তেওঁ জনায়।