স্বাস্থ্য প্ৰতিবেদন:
উচ্চ পৰিমাণত কেলচিয়াম আৰু মেগনেছিয়াম থকা কলে শৰীৰত যেনেদৰে শক্তি যোগায় তেনেদৰে ই হৃৎপিণ্ডৰ বাবেও অতি ভাল। কলৰ পুষ্টিগুণৰ কথা আমি সকলোৱে কম-বেছি পৰিমাণে জানো। কিন্তু কলৰ বাকলিতো আছে বহু উপকাৰিতা।
উজ্জ্বল দাঁতৰ বাবে কলৰ বাকলি ব্যৱহাৰ
চকমকীয়া বগা দাঁতে মুখৰ সৌন্দর্য বহুখিনি বৃদ্ধি কৰে। এই বগা দাঁতৰ বাবে আমি বহুতেই ৰাসায়নিকযুক্ত বিভিন্ন টুথপেষ্ট ব্যৱহাৰ কৰো। কিন্তু আপুনি যদি প্রাকৃতিক উপায়েৰে বগা দাঁত পাবলৈ বিচাৰে তেতিয়াহ’লে নিয়মিত কলৰ বাকলিৰ ভিতৰখিনিৰে দাঁত মাজিবলৈ আৰম্ভ কৰক। সম্পূৰ্ণ এসপ্তাহ ইয়াক ব্যৱহাৰ কৰিলে দাঁতৰ ৰং যেনেদৰে বগা হ’ব তেনেদৰে দাঁতৰ বিষত ভুক্তভোগীসকলে কলৰ বাকলি ব্যৱহাৰ কৰি দাঁতৰ বিষ কমাব পাৰে।
মুখৰ দাগ আঁতৰাবলৈ
ছালৰ যত্নৰ অভাৱত আৰু ক্ষতিকাৰক সূর্যৰ ৰশ্মিৰ প্রভাৱত মুখত বিভিন্ন ক’লা দাগ দেখা যায়। কলৰ বাকলি ব্যৱহাৰ কৰি সহজতেই মুখৰ দাগ দূৰ কৰিব পৰা যায়। মৌৰ সৈতে কলৰ বাকলি মিহলাই মুখত ভালদৰে ঘঁহিলে এই দাগ দূৰ হয়।
চকুৰ সুৰক্ষাত
চকুৰ বিভিন্ন সমস্যাত কলৰ বাকলিয়ে অত্যন্ত ভাল কাম কৰে। বহি সময়ত টোপনিৰ অভাৱত বা অতিৰিক্ত চাপত চকুৰ চাৰিওফালে ক’লা দাগ দেখা যায়। ইয়াৰ পৰা মুক্তি পাবলৈ কলৰ বাকলি ব্যৱহাৰ কৰিব পাৰে।
কেৱল সেয়াই নহয়, চকুৰ চানিৰ দৰে সমস্যাও ৰুধিব পাৰে কলৰ বাকলিয়ে। কলৰ বাকলিত থকা এন্টিঅক্সিডেণ্টে সূর্যৰ ক্ষতিকাৰক অতিবেগুণীয়া ৰশ্মিৰ পৰা চকুক বচায়। ইয়াৰ বাবে প্রত্যেক দিনা সময় মতে কলৰ বাকলি বটি সেয়া চকুত কিছু সময়ৰ বাবে লগাই ৰাখিব লাগিব।













