![]()
নিউজ ডেস্কঃ
জেফ বেজোছ, এলেন মাস্কহঁতক চেৰ পেলালে গৌতম আদানিয়ে। ২০২১ চনত তেওঁৰ সম্পত্তি বাঢ়িল সকলোতকৈ বেছি। ১৬.২ বিলিয়ন ডলাৰ বৃদ্ধি হৈ বর্তমান হ’ল ৫০ বিলিয়ন ডলাৰ। এছিয়াৰ ধনীতম ব্যক্তি মুকেশ আম্বানিৰ সম্পত্তি বৃদ্ধি আদানিৰ অর্ধেক, ৮.১ বিলিয়ন ডলাৰ।
আম্বানিৰ দৰেই বিভিন্ন ক্ষেত্রত ধন বিনিয়োগ কৰিছে আদানিয়ে। বন্দৰ, বিমানবন্দৰ, ডাটা চেণ্টাৰ, কয়লা খনিৰ দৰে বিশাল প্রজেক্টত সোমাই পৰিছে। যোৱা মাহত ভাৰতত এক গিগাৱাট ক্ষমতাসম্পন্ন ডাটা চেণ্টাৰ নিৰ্মাণৰ চুক্তি কৰিছে আদানি এন্টাৰপ্রাইজেছ লিমিটেডে।
১৬.২ বিলিয়ন ডলাৰ সম্পত্তি বৃদ্ধিৰ আঁৰত অৱদান আছে বিভিন্ন ব্যৱসায়ৰ। আদানি টোটেল গেছ লিমিটেডৰ আয় বাঢ়িছে ৯৬ শতাংশ। আদানি ট্রান্সমিছন লিমিটেডৰ বাঢ়িছে ৭৯ শতাংশ। শক্তি, বন্দৰ, স্পেচিয়েল ইকনমিক জোন লিমিটেডত বাঢ়িছে ৫২ শতাংশৰো বেছি। আদানি গ্রিন এনার্জি লিমিটেডত এই বছৰ বৃদ্ধি পাইছে ১২ শতাংশ হাৰত।










