![]()
নিউজ ডেস্কঃ
আগন্তুক ৪ বছৰত প্রায় ১০০টা চৰকাৰী সংস্থা বিক্ৰী কৰাৰ বাবে যোজনা প্ৰস্তুতৰ কাম কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ বাবে যুদ্ধকালীন তৎপৰতাত কাম চলিছে৷ নীতি আয়োগৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্রনালয়বোৰক সেই সম্পত্তিবোৰ চিনাক্ত কৰিবলৈ কোৱা হৈছে৷ ইয়াৰ বাবে নীতি আয়োগক এটি গাইডলাইন তৈয়াৰ কৰাৰ কথা কোৱা হৈছে৷ নীতি আয়োগে সেই সকলো সম্পত্তি আৰু সংস্থাৰ এখন তালিকা তৈয়াৰ কৰিছে যিবোৰ আগন্তুক দিনত বিক্ৰীৰ বাবে ক্ৰম কৰিব পৰা যায়৷
ইক’নমিক টাইমছৰ ৰিপোর্ট অনুযায়ী, নীতি আয়োগে অতিকমেও ১০০ৰো অধিক সম্পত্তি চিনাক্ত কৰিছে যিবোৰ ব্যক্তিগতকৰণ কৰা হ’ব৷ ইয়াৰ মূল্য প্রায় ৫ লাখ কোটি টকা হ’ব৷ সূত্রৰ খবৰ অনুযায়ী, চৰকাৰে এই সম্পত্তিবোৰ বিক্ৰী কৰাৰ বাবে খৰতকীয়া গতিত কাম কৰিছে ৷
ইয়াৰ ভিতৰত বন্দৰ, ক্রুজ টার্মিনেল, টেলিকম আন্তঃগাঁথনি, তেল আৰু গেছ পাইপলাইন, ট্রান্সমিছন টাৱাৰ, ৰে’লৱে ষ্টেচন, স্প’র্টছ ষ্টেডিয়াম আদি আছে৷ সম্প্রতি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও এটি ৱেবিনাৰত চৰকাৰৰ বিলগ্নিকৰণৰ পৰিকল্পনাক লৈ আলোচনা কৰিছে৷ তেওঁ জাযনাইছে, ব্যক্তিগতকৰণৰ ফলত সংস্থাপন লাভ কৰিব পাৰিব৷ ইয়াৰ উপৰি ব্যক্তিগতকৰণৰ ফলত যি ধন আহিব সেয়া সাধাৰণ মানুহৰ বাবে ব্যৱহাৰ কৰা হ’ব৷










