![]()
নিউজ ডেস্কঃ
মনত আছেনে ‘বজৰংগী ভাইজান’ৰ মুন্নীৰ কথা? মাতৃৰ সৈতে ভাৰতলৈ আহি মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছত ‘বজৰংগী ভাইজান’ চলমান খানে যে বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজতো মুন্নীক পাকিস্তানৰ ঘৰত থৈ আহিছিল !
এইবাৰ মনত পেলাই দিব বিচাৰিছো সেই ১০-১২ বছৰীয়া কিশোৰীগৰাকীৰ কথা, কেনেদৰে পাকিস্তানত গৈ উপস্থিত হৈছিল! ১৫ বছৰ পূৰ্বে কৰাচী ষ্টেচনত অকলশৰে বহি থকা দেখা গৈছিল গীতাক। ইয়াৰ পিছত মূক-বধিৰ গীতাক উদ্ধাৰ কৰে পাকিস্তানৰেই এটি সামাজিক সংস্থাই। তাতেই সংস্থাটোৰ তত্ত্বাধানত ডাঙৰ হয় গীতা। ইয়াৰ পিছত গীতাক ঘূৰাই আনিবলৈ তোলপাৰ লাগে ভাৰতত।
২০১৫ চনত তৎকালীন বিদেশমন্ত্রী সুষমা স্বৰাজৰ প্রচেষ্টাত ভাৰতলৈ ঘূৰাই অনা হয় গীতাক। কিন্তু পাকিস্তানত থকাৰ সময়ত বিলকিচ নামৰ সংস্থাটোৱে গীতাৰ চোৱা-চিতা কৰিছিল। সন্ধান চলাইছিল গীতাৰ পৰিয়ালৰো। ভাৰতলৈ ঘূৰি আহি ইন্দোৰৰ এটা প্রতিবন্ধী প্রতিষ্ঠানত আছিল গীতা। উভয় প্রতিষ্ঠানেই চেষ্টা কৰিছিল গীতাক তেওঁৰ পৰিয়ালৰ হাতত গতাই দিবলৈ। পাকিস্তানৰ সংস্থাটো হ’ল ইদহী ৱেলফেয়াৰ ট্রাষ্ট। প্রয়া্ত আব্দুল ছাত্তাৰ ইদিহীৰ পত্নী বিলকিছে বৰ্তমান সংস্থাটো চলায় আৰু নিয়মিত খবৰ লয় গীতাৰ। তেৱেঁই জনাইছে যে গীতাই তেওঁৰ প্ৰকৃত মাতৃক ঘূৰাই পাইছে। জানিব পৰা মতে, মহাৰাষ্ট্রৰ নাইগাত তেওঁৰ মাতৃৰ সন্ধান পাইছে গীতাই। তেওঁৰ মাতৃৰ নাম ৰাধা ৱাঘমাৰে।










