![]()
নিউজ ডেস্কঃ
পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পাইছে এক উল্লেখনীয় তথ্য৷ যি তথ্যত এতিয়া চাঞ্চল্য সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত৷ লোকসভাত দাখিল কৰা তথ্য অনুযায়ী সমগ্ৰ দেশৰ ভিতৰত ভিখাৰীৰ সংখ্যাত এক নম্বৰ স্থানত আছে পশ্চিমবঙ্গ। অৱশ্যে উন্নয়নৰ তালিকাত বহু ক্ষেত্রতেই পশ্চিমবংগ দেশৰ শীর্ষত আছে। সমগ্ৰ দেশত চাৰি লাখৰো অধিক ভিখাৰী আছে যাৰ ভিতৰত ৮১ হাজাৰ আছে কেৱল বংগত।
সম্প্রতি এক প্রশ্নৰ উত্তৰত সামাজিক ন্যায় মন্ত্রী থাৱাৰ চান্দ গেহলটে লোকসভাত ভাৰতৰ ভিখাৰী আৰু অঘৰীৰ তালিকা দাখিল কৰে।
তথ্য অনুযায়ী সমগ্ৰ দেশত মুঠ ভিখাৰীৰ সংখ্যা ৪ লক্ষ ১৩ হাজাৰ ৬৭০ জন। ইয়াৰে ভিতৰত পুৰুষ ভিখাৰী আছে ২ লক্ষ ২১ হাজাৰ ৬৩৭ জন আৰু মহিলা ১ লক্ষ ৯১ হাজাৰ ৯৯৭ জন। ৩৩ হাজাৰ ৮৬ জন পুৰুষ আৰু ৪৮ হাজাৰ ১৫৮ জন মহিলা ভিখাৰী লৈ এক নম্বৰত বংগ। ইয়াৰ পিছতেই আছে উত্তৰ প্রদেশ।
উত্তৰ প্রদেশৰ ভিখাৰীৰ সংখ্যা ৬৫ হাজাৰ ৮৩৫৷ তৃতীয় স্থানত থকা অন্ধ্রপ্রদেশত ভিখাৰীৰ সংখ্যা ৩০ হাজাৰ ২১৮। ভাৰতত আটাইতকৈ কম মগনীয়া আছে লাক্ষা দ্বীপত। তাত মাত্ৰ দুজনহে ভিক্ষাৰী আছে।
২০১১ৰ লোকপিয়লৰ তথ্যৰ ভিত্তিতেই উক্ত তালিকা প্ৰস্তুত কৰা বুলি লোকসভাত জনায় সামাজিক ন্যায় মন্ত্রী থাৱাৰ চান্দ গেহলটে।










